Local, Vocal, Global

সন্ধান ওলাল নেপালৰ নিখোজ হোৱা যাত্ৰীবাহী বিমানখনৰ

নিউজ ডেস্ক, ২৯ মে’- সন্ধান ওলাল নেপালৰ নিখোজ হোৱা যাত্ৰীবাহী বিমানখনৰ।

নেপালৰ সেনাবাহিনীৰ প্ৰচেষ্টাত নিৰুদ্দেশ হোৱাৰ কেইঘণ্টামান পিছতে সন্ধান ওলাল নেপালৰ যাত্ৰীবাহী বিমানৰ। নেপালৰ মানাপাথিৰ পাহাৰৰ তলত পৰি থকা দেখা গৈছে বিমানখন।

সংবাদ সংস্থা এ এন আইৰ মতে, নেপালৰ মুস্তাঙৰ কোবান গাঁৱত উদ্ধাৰ হৈছে বিমানখনৰ ধ্বংসাৱশেষ। ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুৰব্বীয়ে কয় যে বিমানখনৰ অৱস্থা এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই। এনে দুৰ্ঘটনা কেনেকৈ হ’ল সেয়াও তদন্তৰ বিষয়।

নেপালৰ স্থানীয় লোকে সেনাক জনাইছে যে যাত্ৰীবাহী বিমানখন লামচা নদীৰ ওপৰত মনোপাথী হিমালৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়।

২২ জন যাত্ৰী সহ নিখোজ হৈছিল নেপালৰ ব্যক্তিগত এয়াৰ লাইনছ তাৰা এয়াৰৰ এখন বিমান। যাত্ৰীবাহী বিমানখনত ৩গৰাকী জাপানী, ৪গৰাকী ভাৰতীয়ৰ লগতে ১৫গৰাকী নেপালৰ যাত্ৰী আছিল বুলি তাৰা এয়াৰলাইনছে সদৰি কৰিছিল।

তথ্য অনুসৰি এই বিমানখন পুৱা ৯-৩০ বজাত পোখৰাৰ পৰা জোমচোমলৈ উৰা মাৰিছিল আৰু পোখৰা আৰু যমছমৰ মাজত নিখোজ হৈছিল বিমানখন।