শিৱসাগৰত আটক প্ৰাক্তন শিক্ষা বিষয়া
নিউজ ডেস্ক, ২৯ মে’- এসময়ৰ প্ৰতাপী শিক্ষা বিষয়া আৰক্ষীৰ জালত। প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক শনিবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে আটক কৰে।
প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক যোৱা নিশা শিৱসাগৰ আৰক্ষীয়ে আটক কৰাক লৈ শিৱসাগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
নব্বৈ দশকত অগপ আৰু কংগ্ৰেছ চৰকাৰৰ দিনত শিক্ষা বিভাগৰ শিক্ষক নিয়োগৰ নামত এক ভয়াৱহ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল।
শিৱসাগৰ, চৰাইদেউ জিলাত ১৮ বছৰ তলৰ একাংশ শিক্ষকে চৰকাৰী চাকৰি কৰি থকাক লৈ বিভিন্ন অভিযোগ উত্থাপন হৈছিল ৷
অৱশেষত ২০১৯ চনত অসম নৱ নিৰ্মাণ সেনা নামৰ এটা সংগঠনে শিৱসাগৰ জিলাৰ বিভিন্ন থানাত সেই সময়ত অনিয়মৰ মাজেৰে সম্পন্ন হোৱা নিয়োগ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগতে সংগঠনটোৰ নেতা দিগন্ত শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰ ৰুজু কৰিছিল।
শিৱসাগৰ সদৰ আৰক্ষী থানা, আমগুৰি থানা, নাজিৰা থানা, গৌৰীসাগৰ থানাৰ লগতে কেইবাখনো থানাত ৰুজু কৰিছিল গোচৰ ৷
শিৱসাগৰ আৰক্ষীয়ে ১৩৬৯/২০১৯ নং গোচৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখি বয়স জালিয়তি কৰি ১৮ বছৰৰ তলত চাকৰি লাভ কৰা সন্দেহযুক্ত শিক্ষক সকলৰ নিয়োগৰ তথ্য সংগ্ৰহ কৰিছিল।
আনহাতে যোৱা নিশা বাঘজান বাগিচা প্ৰাথমিক বিদ্যালয়ৰ বাবুল হুছেইন নামৰ এজন শিক্ষকক আৰক্ষীয়ে আটক কৰি সোধাপোচা কৰাত তেওঁ ১৮ বছৰৰ তলত আনোৱাৰ হুছেইনৰ দিনত চাকৰি লাভ কৰা বুলি স্বীকাৰ কৰাত শিৱসাগৰ আৰক্ষীয়ে ততাতৈয়াকৈ প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুচেইনক গ্ৰেপ্তাৰ কৰে।
কংগ্ৰেছৰ নেতা প্ৰয়াত অঞ্জন দত্ত, প্ৰয়াত দেৱানন্দ কোঁৱৰ, হিৰণ্য কোঁৱৰ, শৰৎ বৰকটকী, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভাতৃ প্ৰয়াত ৰোহিতেশ্বৰ শইকীয়া, অগপ নেতা তথা বৰ্তমানৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আদিকে ধৰি বহু ৰাজনৈতিক নেতা-পালিনেতাৰ নাম বৰ্তমান হুচেইন দম্পত্তিয়ে ৰাজহুৱা কৰিছে।