Local, Vocal, Global

বিগত ৮ মাহৰ পিছত সোমবাৰৰ পৰা খোল খালে বিদ্যালয়-মহাবিদ্যালয়

চীনৰ পৰা আৰম্ভ হোৱা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ সৃষ্টি কৰাৰ সময়তে সমগ্ৰ দেশতে বন্ধ কৰি দিয়া হৈছিল বিদ্যালয়-মহাবিদ্যালয়সমূহ ।বিগত ১৫ মাৰ্চৰ পৰাই সমগ্ৰদেশতে বন্ধ হৈ  আছিল বিদ্যালয়-মহাবিদ্যালয়সমূহ ।

 

কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ  লগতে ছাত্ৰ-ছাত্ৰীসকলক  আপোন বিদ্যালয়-মহাবিদ্যালয় সমূহৰ পৰা দূৰ কৰি ৰাখিছিল ।কিন্তু আজিৰে পৰা  কভিড প্ৰটকল মানি পাঠদানৰ বাবে মুকলি কৰি দিয়া হৈছে ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠান সমূহ ।শিক্ষা প্ৰতিষ্ঠান সমূহত কভিড প্ৰটকল অনুযায়ী মাস্ক,চেনিটাইজাৰৰ সম্পূৰ্ণ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশনা দিছে চৰকাৰে ।২৪০ দিনৰ পাছত চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম মানি বিদ্যালয়ত উপস্থিত থাকিব লাগিব বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল৷ সোমবাৰে কোভিডৰ সম্পূৰ্ণ প্ৰটকল মানি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  বিদ্যালয়সমূহত আৰম্ভ কৰা হৈছে পাঠদান কাৰ্যসূচী।বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ আগত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ শৰীৰৰ উষ্ণতা জুখি বিদ্যালয়ত উপস্থিত হয়। শ্ৰেণীকোঠাৰ ভিতৰত ছাত্ৰ–ছাত্ৰীসকলক সামাজিক দূৰত্ব বজাই ৰাখি বহিবলৈ দিয়া হৈছে।