SCERT Scam : SCERT কেলেংকাৰিৰ ছয় অভিযুক্তৰ জামিন আবেদন অস্বীকাৰ কৰিলে আদালতে
নিউজ ডেস্ক, ৫ জুলাই : মঙলবাৰে বিশেষ ন্যায়াধীশৰ আদালতে অসমত সংঘটিত SCERT Scam(State Council of Educational Research and Training) ৰ ১০৫ কোটি টকাৰ কেলেংকাৰিৰ ছয়জন অভিযুক্তৰ জামিন নাকচ কৰিলে(fraud in which involved 105 crore rupees) ।
অভিযুক্ত সোণমনি নাথ, ভাস্কৰ হাজৰিকা, মনোজ দাস, ডেভিদ অধিকাৰী, বেনিন ডলী, ৰাজেশ কুমাৰ যোশীয়ে জামিন বিচাৰিছিল যদিও আদালতে জামিন নাকচ কৰে।
ইয়াৰ পূৰ্বে ১ জুনত আম আদমী পাৰ্টি, অসমৰ নেতা বিদ্যুৎ কলিতাক ৫০ লাখ টকা ঘোচ লোৱাৰ অভিযোগত দলৰ পৰা নিলম্বন কৰা হৈছিল।
এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত কলিতাক সাময়িকভাৱে পদৰ পৰা নিলম্বন কৰা হৈছিল।
উল্লেখযোগ্য যে এই কেলেংকাৰিৰ সৈতে জড়িত মিৰ্জাৰ বাসিন্দা বিদ্যুৎ কলিতাক মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স চেলে মাতিছিল(State Council of Educational Research and Training) । অৱশ্যে তেওঁক আৰক্ষীয়ে চমন দিয়াৰ পিছৰে পৰা পলাতক অৱস্থাত আছে।
উল্লেখযোগ্য যে এই কেলেংকাৰীৰ সৈতে জড়িত দুজন সাংবাদিক আৰু দুজন আৰ টি আই কৰ্মীকে ধৰি চাৰিজন লোককো মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ হোৱা লোকসকল হৈছে পেছাত সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকা আৰু পূজামণি দাস আৰু আৰ টি আই কৰ্মী অনুপ শইকীয়া আৰু ৰবিজিৎ গগৈ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ভিজিলেন্স টিমে ৩০ মে’ত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল (CM Vigilance Cell arrests) । মূল সন্দেহযুক্ত সেৱালী দেৱী শৰ্মাক সোধা-পোছাৰ সময়ত পোহৰলৈ আহে দুজন সাংবাদিক আৰু দুজন তথ্যৰ অধিকাৰ আইন (আৰ টি আই)ৰ কৰ্মীৰ নাম ।
মুখ্যমন্ত্ৰী ভিজিলেন্স দলে SCERT কেলেংকাৰিৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাক দাবী কৰা ভিত্তিত ব্লেকমেইলিং কৰাৰ অভিযোগত অসংখ্য সাংবাদিক আৰু আৰ টি আই কৰ্মচাৰীক চমন কৰিছিল (journalists and RTI workers)।
তদন্তৰ পিছতে সাংবাদিক পূজামণি দাসক সোধা-পোছা কৰাৰ সময়ত যথেষ্ট পৰিমাণৰ ধন পোৱা গৈছিল লগতে তেওঁৰ মাতৃৰ বেংক একাউণ্টত ধন ট্ৰেন্সফাৰ কৰিছিল।
আনহাতে যোৱা ২০ মে’ত SCERT কেলেংকাৰীৰ সৈতে জড়িত শেৱালী দেৱী শৰ্মাক আন ৯ জন লোকৰ সৈতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ।
শেহতীয়াকৈ এই কেলংকাৰীৰ সৈতে জড়িত হৈ পৰিছিল এটা ৰাজনৈতিক দলৰ এগৰাকী নেতাৰ নাম। এজনৰ পাছত এজনকৈ চি এম ভিজিলেঞ্চৰ জালত পৰা সাংবাদিকৰ লগতে দল সংগঠনৰ নেতাও আছিল । ১০৫ কোটি টকীয়া এই কেলেংকাৰীৰ সৈতে নাম জড়িত হোৱা এই ৰাজনৈতিক নেতাজনৰ নাম বিদ্যুৎ কলিতা । অৱশ্যে তেওঁক আৰক্ষীয়ে চমন দিয়াৰ পিছৰে পৰা পলাতক অৱস্থাত আছে।
মঙলবাৰে বিশেষ ন্যায়াধীশৰ আদালতে SCERT ১০৫ কোটি টকাৰ কেলেংকাৰিৰ ছয়জন অভিযুক্তৰ জামিন নাকচ কৰে(fraud in which involved 105 crore rupees) ।
লগতে পঢ়ক : BJP MLA aide urinates on tribal worker : জনজাতীয় এজন লোকৰ মুখত প্ৰস্ৰাৱ কৰিলে বিজেপি বিধায়কৰ প্ৰতিনিধিয়ে