Local, Vocal, Global

SAFF Championship 2023 : SAFF চেম্পিয়নশ্বিপত নৱমবাৰৰ বাবে খিতাপ অৰ্জন ভাৰতৰ

স্পৰ্টছ ডেস্ক, ৫ জুলাই : ৰোমাঞ্চকৰ জয়েৰে ছাফ চেম্পিয়নশ্বিপত খিতাপ দখল কৰিলে ভাৰতীয় ফুটবল দলে(SAFF Championship 2023) ৷ মঙলবাৰে অনুষ্ঠিত হোৱা SAFF চেম্পিয়নশ্বিপৰ শ্বাসৰুদ্ধকৰ চূড়ান্ত মেচখনত কুৱেইটক পৰাস্ত কৰি বিজয়ী হয় ভাৰতীয় দলটোৱে ৷ ১২০ মিনিটত ১-১ গ’লত অচলাৱস্থাৰ সন্মুখীন হোৱাৰ পিছত আয়োজক ভাৰতে উত্তেজনাপূৰ্ণ পেনাল্টি শ্বুটআউটত কুৱেইটক ৫-৪ গ’লত পৰাস্ত কৰি নৱমবাৰৰ বাবে SAFF চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় (SAFF Championship 2023) ।

ভাৰত আৰু কুৱেইটৰ মাজত মঙলবাৰে বোংগালুৰুৰ শ্ৰী কণ্টেৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হয় SAFF চেম্পিয়নশ্বিপৰ খেলখন । বাংগালুৰুত অনুষ্ঠিত এই মেচখনত দুয়োটা দলে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মকভাৱে নিজৰ খেল প্ৰদৰ্শন কৰিছিল ৷ নিৰ্ধাৰিত সময় ৯০ মিনিটত দুয়োটা দলৰ স্ক’ৰ আছিল ১-১ ৷ ফলত মেচখন অতিৰিক্ত সময়ৰ বাবে খেলুৱা হয় ৷ অতিৰিক্ত সময়ত দুয়োটা দলে আক্ৰমণাত্মকভাৱে খেল প্ৰদৰ্শন কৰিছিল যদিও এটা দলেও গ’ল দিবলৈ সক্ষম নহ’ল ৷

উল্লেখ্য যে, পাঁচ ৰাউণ্ডৰ পেনাল্টি কিকৰ পিছত দুয়োটা দলৰ স্ক’ৰলাইন ৪-৪ হৈ আছিল। মহেশ নাওৰেমে গ’ল কৰিছিল, কিন্তু ভাৰতৰ গ’ল ৰক্ষক গুৰপ্ৰীত সিং সান্ধুৱে খালেদ হাজিয়াৰ শ্বটৰ পৰা ৰক্ষা কৰি ভাৰতীয় দলটোক জয় কৰিবলৈ সক্ষম হয় ।

মন কৰিবলগীয়া যে, চাবাইব আল খাল্ডীয়ে খেলখনৰ প্ৰথম ১৪ মিনিটত কুৱেইটক আগুৱাই নিছিল যদিও নতুনকৈ AIFF জয়ী প্লেয়াৰ অফ দা ইয়েৰ লালিয়াঞ্জুৱালা চাংটে ৩৯ মিনিটত কুৱেইট ফুটবল দলক প্ৰাৰম্ভিক অগ্ৰগতি দিয়াৰ পিছত ভাৰতৰ হৈ সমতা অৰ্জন কৰিছিল।

উল্লেখযোগ্য যে, ২০২৩ চনৰ SAFF চেম্পিয়নশ্বিপত ভাৰতে এখনো মেচত পৰাস্ত হোৱা নাছিল ৷

লগতে পঢ়ক : SCERT Scam : SCERT কেলেংকাৰিৰ ছয় অভিযুক্তৰ জামিন আবেদন অস্বীকাৰ কৰিলে আদালতে