Local, Vocal, Global

Watch | SC protest : চটাই জিষ্টত ভুৱা নিযুক্তিক লৈ প্ৰতিবাদ অব্যাহত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

টিয়ক : যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত সহকাৰী প্ৰৱক্তা (PE & I বিভাগ) পদত কৰ্মৰত অনুৎসূচিত জাতিৰ সুবিধা গ্ৰহণ কৰি থকা চন্দনা দেৱৰ জাতিগত প্ৰমাণপত্ৰ জালিয়তি কৰা অভিযোগ ।


এই অভিযোগ উত্থাপন কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সব্যস্ত কৰিছে। সংগঠনটোৰ অভিযোগ মতে চন্দনা দেৱ, কাৰ্বি আংলং জিলাৰ ডিফুৰ বাসিন্দা সুমিৰ কান্তি দেৱৰ কন্যা। তেওঁ অনুসুচিত জাতিৰ বুলি দেখুওৱা জাতিগত প্ৰমাণপত্ৰ (পত্ৰ নং ৮৩১, তাৰিখ ১০/০৪/১৯৯৭) দাখিল কৰি ২০১৪ চনৰ পৰা যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত চাকৰি কৰি আছে।


পাছত কাৰ্বি আংলং জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি চন্দনা দেৱ অনুৎসূচিত জাতি অন্তৰ্গত নহয় বুলি জনোৱ হয়। তদুপৰি ৫১ চনৰ NRC তথা অনান্য নথিটো তেওঁৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত নাই বুলি সদৰি কৰে সংগঠনটোৱে।সেয়ে আজি সংগঠনৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসসহ জিলাৰ কেইবাগৰাকীও বিষয়ববীয়া মহাবিদ্যালয়ত উপস্থিত হৈ এই ক্ষেত্ৰত অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হৈ অনতি পলমে ইয়াৰ সু বিচাৰ কৰি ভূৱা শিক্ষক গৰাকীক বৰ্খাস্ত কৰিবলৈ দাবী জনাই আৰু কোনো কাৰণতে শিক্ষকগৰাকীক মহাবিদ্যালয়ৰ চৌহদত প্ৰবেশ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে।

লগতে পঢ়ক: Watch | ABAMSU protest: সাপটগ্রাম ভেলাকোবা পাম বজাৰত উচ্ছেদৰ বিৰুদ্ধে এ বি এমছুৰ তিব্ৰ প্ৰতিবাদ