পুনৰ চিকিৎসালয়ত ভর্তি সৌৰভ গাংগুলী

পুনৰ চিকিৎসালয়ত ভর্তি কৰা হৈছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীক। আজি তেওঁ পুনৰ বুকুত বিষ অনুভৱ কৰাৰ পাছতে ততাতৈয়াকৈ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰা হয়। কিন্তু তেনে কোনো ভয়ৰ কাৰণ নাই। একেদৰে চিকিৎসকে তেওঁৰ আৰু কেইটামান পৰীক্ষা সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে।