Local, Vocal, Global

First Over Dimensional Cargo : নুমলীগড় শোধনাগাৰৰ প্ৰথমটো বৃহত্‍ আকৃতিৰ কাৰ্গ’ৰ আদৰণি জনায় সৰ্বানন্দ সোণোৱালে

নিউজ ডেস্ক, ১৭ জুন : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুক্ৰবাৰে ধনশিৰি ঘাটত উপস্থিত হৈ নুমলীগড় শোধনাগাৰৰ বাবে জলপথৰ জৰিয়তে পৰিবহণ কৰা প্ৰথমটো বৃহত্‍ আকৃতিৰ কাৰ্গ’ অৰ্থাত্‍ অভাৰ ডাইমেনশ্যনেল কাৰ্গ’ (First Over Dimensional Cargo) ৰ আদৰণি জনায় ।

চৰকাৰৰ উদ্যোগত নুমলীগড় ৰিফাইনেৰী লিমিটেড (Numaligarh Refinery)ৰ ক্ষমতা ৩ মিলিয়ন মেট্ৰিক টনৰপৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ সম্প্ৰসাৰণৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তাৰেই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত দেশৰ অভ্যন্তৰীণ জলপথৰ দায়িত্বত থকা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (IWAI) শোধনাগাৰটোৰ বাবে পৰিবহণ কৰা এইটোৱেই প্ৰথম বৃহত্‍ আকৃতিৰ সামগ্ৰী।

যোৱা বছৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু এনআৰএলৰ মাজৰ শোধনাগাৰটোৰ বাবে মুঠ ২৪টা বৃহত্‍ আকৃতিৰ কাৰ্গ’ৰ লগতে বৃহত্‍ ওজনৰ কাৰ্গ’ (Over Weight Cargo) পৰিবহণৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল।

এই প্ৰসংগত সোণোৱালে কয় যে, “আজি অসমত এক স্মৰণীয় অধ্যায়ৰ সূচনা হৈছে, কিয়নো পোনপ্ৰথমবাৰৰ বাবে অভ্যন্তৰীণ জলপথ ব্যৱহাৰ কৰি কলকাতাৰ পৰা নুমলীগড়লৈ এটা বৃহত্‍ আকৃতিৰ কাৰ্গ’ পৰিবহণ কৰা হৈছে। এয়া হৈছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন’ৰ দৃষ্টিভংগীৰ প্ৰকৃত উপলব্ধি আৰু এক সফল ৰূপায়ণ। যদিও নুমলীগড় শোধনাগাৰক অসমৰ এক শক্তি কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, এনআৰএল-ৰ সম্প্ৰসাৰণৰ বাবে নিৰ্ধাৰিত প্ৰায় ২৪টা বৃহত্‍ আকৃতিৰ কাৰ্গ’ আৰু বৃহত্‍ ওজনৰ কাৰ্গ’ৰ মসৃণ পৰিবহণৰ ব্যৱস্থাকৰণ অবিহনে কম সময়ৰ ভিতৰতে ইয়াৰ ক্ষমতা সম্প্ৰসাৰণ কৰাটো সম্ভৱ নহ’লহেঁতেন”।

লগতে তেওঁ কয়, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ জলপথসমূহক শক্তিশালী আৰু পুনৰুজ্জীৱিত কৰাত গুৰুত্ব আৰোপ কৰি আমাৰ মন্ত্ৰালয়ে এই পৰিবহণ দ্ৰুত, ব্যয়সাপেক্ষ, সময়সাপেক্ষ আৰু মসৃণভাৱে সম্পন্ন কৰাত অগ্ৰাধিকাৰ দি আহিছে। নুমলীগড় শোধনাগাৰলৈ প্ৰথম অ’ডিচিৰ সফল আগমনৰ লগে লগে, জলপথৰ জৰিয়তে বৃহত্‍ দূৰত্ব অতিক্ৰম কৰি, অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ বিকাশক শক্তিশালী কৰাৰ এক নতুন পথ প্ৰশস্ত হৈছে আৰু অভ্যন্তৰীণ জলপথৰ ভূমিকা সুদূৰপ্ৰসাৰী হিচাপে বিবেচিত হৈছে। মই বিশ্বাস কৰোঁ যে, এই ব্যয়সাপেক্ষ, বহনক্ষম আৰু পাৰিপাৰ্শ্বিকভাৱে অনুকূল মাধ্যমৰ জৰিয়তে অসম তথা উত্তৰ-পূব অঞ্চলৰ দ্ৰুত পৰিৱৰ্তন সাধন হ’ব।”

নুমলীগড় শোধনাগাৰৰ বাবে অহা ৪৮৫ মেট্ৰিক টন ওজনৰ, ৩১.৫ মিটাৰ দৈৰ্ঘ্যৰ, ৮.২৫০ মিটাৰ প্ৰস্থৰ এই ডি.এইচ.টি. ৰিয়েক্টৰ – কলকাতাৰ পৰা ভাৰত-বাংলাদেশ প্ৰট’কল জলপথ হৈ ব্ৰহ্মপুত্ৰ হৈ ধনশিৰিৰে যাত্ৰা কৰি আহিছে ।

ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু এনআৰএলৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি এমভি মেৰিন ৬৬ জাহাজখনে এই ওডিচি পৰিবহণ কৰি আনিছে (ODC)। ওডিচিয়ে ১৮ মাৰ্চত কলকাতা এৰি বাংলাদেশ হৈ প্ৰায় তিনি মাহ যাত্ৰা কৰাৰ পাছত নুমলীগড়ত প্ৰৱেশ কৰিছেহি । ভাৰতীয় ড্ৰেজিং কৰ্পোৰেচন (Dredging Corporation)ৰ সহায়ত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে এই পৰিবহণ সফল কৰাৰ বাবে যোৱা মাৰ্চৰ পৰা ধনশিৰিৰ পাঁচটা স্থানত তিনিখন ড্ৰেজাৰ প্ৰয়োগ কৰিছিল । এই তিনিখন ড্ৰেজাৰ হৈছে চিএছডি মাণ্ডভী, চিএছডি ব্ৰহ্মিনী আৰু এইচএছডি জীয়া ভৰলী ।

লগতে পঢ়ক : Cyclone Biparjoy : বিপাৰজয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ