Local, Vocal, Global

WATCH | Sarbananda Sonowal : ধুবুৰীত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

চাপৰ,৩মে’ : ধুবুৰীত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ভাৰতীয় জনতা পাৰ্টীৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত চাপৰৰ শালকোচাত অনুষ্ঠিত হোৱা বিজয় সংকল্প সমাৰোহত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

উপস্থিত হৈ কেবিনেট মন্ত্ৰী গৰাকীয়ে বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ মনোনীত চাৰিটাকৈ জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ হৈ ভোট বিচাৰে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি আৰু এজেপি’ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক আঁকোৱালি লৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ও একে হ’ব – সৰ্বানন্দ সোণোৱাল।

কংগ্ৰেছৰ ৫৫ বছৰ শাসনত গ্ৰাম্যাঞ্চলৰ উন্নয়ন নহ’ল ! কংগ্ৰেছৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈ ৰ’ল(Sarbananda Sonowal)।

আনপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচেষ্টাত ১০ নম্বৰৰ অৰ্থনীতি থকা দেশখন পঞ্চম হ’ল আৰু আগন্তুক পাঁচ বছৰৰ ভিতৰত তৃতীয় স্থানত হ’ব !

লগতে অসমৰ মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰখনে উন্নয়নৰ লগতে আঁচনি সমূহৰ সফল ৰূপায়নে অসমৰ ২৬ হাজাৰ গাঁৱ শক্তিশালী কৰিছে।

পাকিস্তান, বাংলাদেশ হাল্লা কৰি আছে। কিন্তু ভাৰতবৰ্ষত কোনো টিকিব নোৱাৰে।

লগতে পঢ়ক : WATCH | Zubeen Garg : পেহেলগামৰ কাণ্ডৰ পাছতে কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্ত বাতিল কৰিলে জুবিন গাৰ্গে