Local, Vocal, Global

সমাজবাদী পাৰ্টিৰ মূৰব্বী অখিলেশ সিং যাদৱ লোকসভা পদৰ পৰা পদত্যাগ

নিউজ ডেস্ক,২২ মাৰ্চঃ উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ সিং যাদৱে আজি লোকসভাৰ সংসদ পদৰ পৰা পদত্যাগ কৰে।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কাৰ্যালয়ত সদনৰ সদস্যপদৰ পৰা পদত্যাগ কৰে অখিলেশ সিং যাদৱে।
উত্তৰ প্ৰদেশৰ নিৰ্বাচনত কাৰহাল আসনৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু আজমগড়ৰ লোকসভাৰ সাংসদ আছিল অখিলেশ সিং যাদৱ।

উত্তৰ প্ৰদেশত অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীয়ে ৪০৩ খন আসনৰ ভিতৰত ১১১ খন আসন লাভ কৰিছিল।
উত্তৰ প্ৰদেশৰ নিৰ্বাচনত কাৰহাল বিধানসভা সমষ্টিত জয়লাভ কৰাৰ পিছত অখিলেশ যাদৱে লোকসভাৰ সাংসদপদ ত্যাগ কৰিছে।
সমাজবাদী পাৰ্টিৰ মুৰব্বী উত্তৰ প্ৰদেশত বিজেপিৰ মুখ্য প্ৰত্যাহ্বানকাৰী আছিল। তেওঁৰ দলে বিধানসভা আসনৰ ভিতৰত ১১১ খন আসন লাভ কৰিছিল আনহাতে বিজেপিয়ে ইয়াৰ মিত্ৰদলসমূহৰ সৈতে ২৭৩ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।
অৱশ্যে, গুৰুত্বপূৰ্ণ ৰাজ্যখনৰ ফলাফল ওলাই যোৱাৰ এদিন পিছেত তেওঁ কয় যে, “তেওঁৰ দলৰ প্ৰদৰ্শনে দেখুৱাইছে যে বিজেপিৰ আসন হ্ৰাস কৰিব পাৰি। ২০১৭ চনত বিজেপি আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৩২৫ খন আসন লাভ কৰিছিল।