Local, Vocal, Global

Mahurত কৃষকৰ সলিল সমাধি

নিউজ ডেস্ক, ১৬ জুন : বৃহস্পতিবাৰে অসমৰ ডিমা হাচাও জিলাত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।

ডিমা হাচাও জিলাৰ Mahurত এজন কৃষকে খেতি কৰিবলৈ মাহুৰ নদী পাৰ হ’বলৈ চেষ্টা কৰা অৱস্থাত নদীত ডুব যোৱা ঘটনাই অঞ্চলটোত শোকৰ চাঁ পেলাইছে।

মৃত কৃষকজনক মহুৰৰ থাপা গাঁৱৰ দৰজন থাওচেন বুলি চিনাক্ত কৰা হৈছে। আনহাতে, মৃতকৰ মৃতদেহ বৰ্তমান সময়লৈকে উদ্ধাৰ কৰা হোৱা নাই।

উল্লেখযোগ্য যে, যোৱা মাহত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জিলাখন ৰাজ্যৰ আন প্ৰান্তৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাৰ পিছত বুধবাৰে নতুনকৈ হোৱা বৰষুণে ডিমা হাচাও জিলাৰ কিছু অংশ পুনৰ বিধ্বস্ত কৰিছে।