Local, Vocal, Global

Road Accident : শোকাৱহ পথ দুৰ্ঘটনা

শদিয়া, ২১জুন : শদিয়াৰ ছৈখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা(Sadiya Road Accident)। শদিয়াৰ ছৈখোৱাৰ এখন ছুইফট বাহন আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ।ফলত থিতাতে নিহত হয় দুজন যুৱক লগতে গুৰুতৰভাৱে আহত হয় দুজন যুৱক।

উল্লেখ্য যে,শদিয়াৰ ছৈখোৱা ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটি হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ।জানিব পৰা মতে, AS04W 5855 নম্বৰৰ শদিয়াৰ দিশৰ পৰা আহি থকা ছুইফট বাহন এখনে ডাম্পাৰত খুন্দা মাৰে ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত গাড়ীখনত থকা দুজন যুৱকৰ থিতাতে মৃত্যু হয়।আনহাতে গুৰুতৰভাৱে আহত হয় দুজন ।

আহত যুৱক দুজনক চপাখোৱা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। আনহাতে নিহত যুৱক দুজন সুকল্যান বৰুৱা আৰু ৰিপুঞ্জয় ফুকন বুলি জানিব পৰা গৈছে। আনহাতে আহত যুৱক দুজন অজন্ত বৰুৱা আৰু ৰিপুণ সোণোৱাল। আটাইকেইজন যুৱকৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে।

আনহাতে আৰক্ষীয়ে ঘটনাৰ খবৰ পায় ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক : Constituency delimitation draft : অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা তথ্য সমূহ