WATCH | Rongali Bihu : সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলন
জাগীৰোড,১৫এপ্ৰিল : বিগত বছৰবোৰৰ দৰে এইবেলিও সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলন অহা ২০ আৰু ২১ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে৷
সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলনৰ সভাপতি মনিন্দ্ৰ ডেকাই প্ৰথম দিনৰ অৰ্থাৎ ২০ এপ্ৰিলত পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰিব অভিনেত্ৰী চেতনা দাসে(Rongali Bihu)৷
বিয়লি মুকলি বিহু শুভ উদ্বোধন কৰিব চলচ্চিত্ৰ অভিনেত্ৰী নিকুমণি বৰুৱাই ৷ তাৰ পিছতে সন্ধিয়াৰ ভাগত বিহু কুৱৰী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা অনুস্থিত হ’ব ৷
উল্লেখ্য যে এইবাৰ ২১ এপ্ৰিলৰ সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিৱেশন কৰিব আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠ শিল্পী দ্বিপান্বিতা ডেকাই ৷ গতিকে সমুহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে সদৌ জাগীৰোড ৰঙালী বিহু উদযাপন সমিতিয়ে ৷
লগতে পঢ়ক : WATCH | Rongali Bihu : বিহুৰ বতৰত উত্তৰ গুৱাহাটীত আদৰ বাঢ়িছে থলুৱা শিপিনীয়ে উৎপাদন কৰা গামোচাৰ সমাদৰ