WATCH | Rongali Bihu : অসমৰ প্ৰথমখন মুকলি বিহু

চতিয়া,১৫এপ্ৰিল : অসমৰ প্ৰথমখন মুকলি বিহু ৷ চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ল অসমৰ প্ৰথমখন মুকলি বিহু মেলা মাধুৰী আহঁতৰ তলৰ বিহুৰ ।
কালি পুৱা মাধুৰী আহঁতৰ তলত পতাকা উত্তোলন আৰু নাম প্ৰসংগৰে শুভাৰম্ভ কৰা এই বিহুৰ আজিৰ কাৰ্য্যসূচী হিচাপে নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই মাধুৰীৰ নৱনিৰ্মীত তোৰণ উন্মোচন কৰাৰ পিছতে এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷
কেইবা সহস্ৰাধিক বিভিন্ন প্ৰান্তৰ লোকে অংশ গ্ৰহণ কৰে এই শোভাযাত্ৰাত ৷ এই অনুষ্ঠানৰ অংশ হিচাপে কাইলৈ মহিলাৰ দিহা নাম ,পৰহিলৈ মৌকুঁৱৰী আৰু সৰু বিহুৱতী প্ৰতিযোগিতাৰ পিছত ১৮ এপ্ৰিলত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব(Rongali Bihu)৷
লগতে পঢ়ক :WATCH | Rongali Bihu : সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলন