Local, Vocal, Global

WATCH | Rongali Bihu 2025: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান মূহুৰ্ত

ছিপাঝাৰ,১৩ এপ্ৰিল : অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান মূহুৰ্ত ।

সোমাবাৰে গৰু বিহু । প্ৰতিজন অসমীয়াৰ মন প্ৰাণ ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰিছে । ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত অসমৰ আকাশ বতাহ । বিহুক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি ।

বতৰে সেৰঙা কৰিলে উৰুকাৰ বজাৰ । কাইলৈ গৰু বিহুকলৈ প্ৰস্তুতি অসমীয়াৰ ব’হাগৰ ৰঙালী বিহুকলৈ ৰাজ্যত উখল মাখল পৰিৱেশৰ মাজতে আজি পুৱা অহা এজাক বৰষুণে বিহুৰ বজাৰ সেৰেঙা কৰি তুলিছে। তথাপি পিছলৈ বতৰ ফলকাল হোৱাত বজাৰত মানুহৰ যথেষ্ট সমাগম ঘটে। ছিপাঝাৰৰ ভিতৰুৱা অঞ্চলত সাপ্তাহিক দেওবৰীয়া বজাৰৰ দৃশ্য এয়া(Rongali Bihu 2025)।

লগতে পঢ়ক : WATCH | Rongali Bihu 2025: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান মূহুৰ্ত