Local, Vocal, Global

Daily Horoscope for 14th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব । আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আপোনাৰ অতি কাল্পনিক যোজনা সমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। পৰিয়ালৰ লোক সকল আপোনাৰ আশা-আকাংক্ষা থিয় হব নোৱাৰিব । প্ৰতিযোগিতাত আগবাঢ়ি থাকিবৰ বাবে ব্যৱসায়ীসকলক নতুন যোজনা আৰু ৰণ নীতিত কাম কৰাৰ প্ৰয়োজন আছে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ , গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে।

বৃষ ৰাশি : স্বাস্থ্য ভালে থাকিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। ঘৰ আৰু ঘৰৰ চাৰিওফালে অতি সোনকালে চাফাই কৰাটো খুবেই জৰুৰী, সদায় কৰাৰ দৰে এইবাৰো এই কাম পিছলৈ পেলাই নথব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। আপোনাৰ বছ আপোনাৰ কোনো কথাতে পতিয়ন নাযাব সেয়ে যিমান পাৰে আপোনাৰ কাম ভালভাৱে কৰিব যত্ন কৰক। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে।

মিথুন ৰাশি : বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। বৰিষ্ঠ আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। অন্যক সুখ দি আপুনি নিজৰ পূৰণি ভুল সমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব।

কৰ্কট ৰাশি : বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফুৰ্তি তামাচাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। আপুনি সৰু লৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰৰ সমস্যা লৈ কম থাকিব।

সিংহ ৰাশি : বাহিৰত অৰ্থাত যেতিয়া খোলা দোকান সমুহত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন । তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ’ব ,কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থা ৰ উন্নতি হব পাৰে। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব।

কন্যা ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। সম্বন্ধীয় আত্মীয়ৰ পৰা আপুনি সহায় লাভ কৰিব। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক নহলে আপোনাৰ বদনাম হব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত পাতিব পাৰে।

তুলা ৰাশি : পূৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আত্ম বিশ্বাসী কৰি তুলিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব।

বৃশ্চিক ৰাশি : স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী। যিসকল লোকে লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘুৰাব নোৱাৰি বিপদত পৰিব পাৰে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।

ধনু ৰাশি : হতাশা আৰু চিন্তাই আপোনাৰ বেমাৰ বঢ়াব পাৰে ,শান্ত অনুভৱ কৰিবলৈ পৰিয়াল আৰু বন্ধুৰ লগত সময় অতিবাহিত কৰক। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে।

মকৰ ৰাশি : বয়স্ক লোক সকলে নিজৰ স্বাস্থ্যৰ যতন লোৱা উচিত। আপোনাৰ ঘনিষ্ঠ লোকৰ সন্মুখত এনেকুৱা কথা নকব যি কথাই সিহঁতক দুখ দিব পাৰে। আজি আপোনাৰ প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহব পাৰে ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হব পাৰে। আপোনাৰ অংশীদাৰ আপোনাৰ নতুন যোজনা সমূহ আৰু চিন্তা তথা বিচাৰ সমূহক সমৰ্থন কৰিব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো।

কুম্ভ ৰাশি : বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ’ব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যবসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱন সংগীক হতাশ কৰিব পাৰে। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। অফিচত শান্ত আৰু সন্তুষ্টিৰে ভৰা চিন্তা বিচাৰ আপোনাৰ মনক উৎসাহিত কৰিব।

মীন ৰাশি : আজি অতীতত লোৱা ভুল নিৰ্ণয় আপোনাৰ জীৱনত অশান্তি আৰু কাজিয়াৰ সৃষ্টি কৰিব পাৰে, আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিব আৰু ভুল-শুদ্ধ নিৰ্ণয় কৰাত অসফল হব ,অন্যৰ উপদেশ লোৱা ভাল হব। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। পৰিয়ালৰ কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। ঘৰত সমস্যাৰ সৃ্ষ্টি হব পাৰে কিন্তু আপুনি জীৱন সংগীক সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হব।