WATCH | Rongali Bihu : চাপৰৰ বহলপুৰৰ শ্ৰীশ্ৰী কালি মন্দিৰ প্ৰাংগনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় মানুহ বিহু

চাপৰ,১৫এপ্ৰিল : আজি অসমীয়া নৱবৰ্ষৰ পহিলা দিন আৰু মানুহ বিহু। পহিলা ব’হাগৰ দিনা ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰৰ শ্ৰীশ্ৰী কালি মন্দিৰ প্ৰাংগনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় মানুহ বিহু।
ৰঙালী বিহু উদযাপন সমিতি আৰু বিষুৱা সমিতিৰ লগতে চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত জেষ্ঠ কণিষ্ঠ মহামিলন পৰ্ব অনুষ্ঠিত হয়। কণিষ্ঠ জনে জেষ্ঠজনক এখন কৈ গামোচাৰে সম্বৰ্ধনা জনাই ৰাজহুৱাভাৱে সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ উপৰি কোচ ৰাজবংশী লোক সকলে নিজৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰাৰ উপৰি বিহুৰ হুঁচৰিত মতলীয়া হৈ পৰে স্থানীয় ৰাইজ।
বিগত বছৰৰ দৰে এইবেলিও অসম সাহিত্য সভাৰ ফালৰ আজিৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি সমাজৰ বিশিষ্ট ৫ গৰাকী ব্যক্তিক উক্ত অনুষ্ঠানৰ জৰিয়তে অলোগণি পত্ৰ প্ৰদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে কেএচি’ৰ কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়ৰ লগতে বহু গণ্য মান্য ব্যক্তি(Rongali Bihu)।
আনপিনে চাপৰ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি ও জেষ্ঠ লোক সকলক ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ কৰে।
লগতে পঢ়ক : WATCH | Boko News : আজি পহিলা ব’হাগ;ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মন্দিৰ, সত্ৰ, নামঘৰত ভক্তৰ ভিৰ