Romance in Office: কাৰ্যালয়ত কৰা ৰোমাঞ্চে কৰ্ম সংস্কৃতিৰ ক্ষতি কৰিব পাৰে !

কৰ্মক্ষেত্ৰত বহিষ্কাৰ, অৱজ্ঞা বা প্ৰত্যাখ্যান কৰাৰ অনুভৱক কৰ্মক্ষেত্ৰত বঞ্চিত কৰা বুলি ধৰা হয় । চীনৰ জিয়াংছিৰ জুন কিউ ইনষ্টিটিউট অফ নানচাং, ইনষ্টিটিউট অফ টেকন’লজী আৰু একাংশ সহকৰ্মীয়ে PLOS ONE ত এটা অধ্যয়ন উপস্থাপন কৰিছিল, য’ত প্ৰকাশ পোৱা তথ্য অনুসৰি একাংশ কৰ্মচাৰীৰ মাজত থকা ৰোমান্টিক সম্পৰ্কই আন সহকৰ্মীসকলৰ অনুভৱক বহুখিনি ক্ষতি কৰে (Romance in Office) ।
কৰ্মক্ষেত্ৰৰ ৰোমাঞ্চে আন কৰ্মচাৰীৰ কাম কৰাৰ মনোভাৱ আৰু আচৰণ (Work related attitudes and behaviors), যেনে কৰ্মক্ষমতাৰ গুণাগুণ আৰু কামৰ প্ৰতি থকা আগ্ৰহত প্ৰভাৱ পেলাব পাৰে (Performance outcomes and job satisfaction) । অৱশ্যে, কৰ্মক্ষেত্ৰৰ ৰোমাঞ্চ আৰু কৰ্মক্ষেত্ৰত পোৱা বঞ্চনাৰ মাজৰ ব্যৱধান এতিয়াও অস্পষ্ট হৈয়ে আছে ।
একাংশ সহকৰ্মীৰ মাজৰ ৰোমান্টিক সম্পৰ্কই আনক কৰ্মক্ষেত্ৰ ত্যাগ কৰিবলৈ বাধ্য কৰিব পাৰে নেকি, সেই বিষয়ে সঠিককৈ জানিবলৈ সমাজ বিজ্ঞানৰ গৱেষকসকলে পাকিস্তানৰ সেৱা খণ্ডৰ লগত জড়িত কৰ্মচাৰীসকলৰ পৰা তথ্য সংগ্ৰহৰ বাবে বিভিন্ন উৎসৰ জড়িয়তে এক গৱেষণা চলাইছিল ।
তেওঁলোকে প্ৰতি আঠ সপ্তাহৰ অন্তৰে অন্তৰে তিনিবাৰ অংশগ্ৰহণকাৰীসকলক বিভিন্ন প্ৰশ্ন প্ৰদান কৰিছিল । শেষত ৩৪৩ গৰাকী কৰ্মচাৰীৰ পৰা তেওঁলোকৰ সঁহাৰি লাভ কৰিছিল আৰু এই সঁহাৰিৰ হাৰ আছিল ৬৯ শতাংশ ।
কৰ্মচাৰীৰসকলৰ মাজত কৰা এই সমীক্ষাত অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ সম্পৰ্কৰ স্থিতিৰ বিষয়ে বিভিন্ন প্ৰশ্ন কৰা হৈছিল,যেনে কৰ্মক্ষেত্ৰত উপেক্ষা কৰা, বঞ্চিত কৰা আৰু জ্ঞান সম্পৰ্কীয় । চূড়ান্ত জৰীপবোৰ সংগ্ৰহ কৰাৰ পিছত গৱেষকসকলে পৰিসাংখ্যিক চফট্ ৱেৰ (Statistical software) ব্যৱহাৰ কৰি তথ্যবোৰ বিশ্লেষণ কৰিছিল ।
গৱেষণাটোত গৱেষকসকলে বিচাৰি উলিয়াইছে যে ৰোমান্টিক সম্পৰ্কত জড়িত কৰ্মচাৰীসকলক সহকৰ্মীসকলে তেওঁলোকৰ সম্পৰ্কক প্ৰতিকূলভাৱে চোৱাৰ লগতে কৰ্মৰ পৰা বঞ্চিত কৰিবলৈ চেষ্টা কৰে । লগতে তেওলোকৰ মাজত ভাঙোন আনিবৰ বাবে বিভিন্ন প্ৰকাৰে জড়িত হৈ পৰে ।
কিন্তু পৰীক্ষাটোৰ সাধাৰণীকৰণযোগ্যতা নিৰ্ণয় কৰিবলৈ ভৱিষ্যতৰ অধ্যয়নৰ প্ৰয়োজন কাৰণ অংশগ্ৰহণকাৰীসকল সকলোৱে পাকিস্তানৰ সেৱা খণ্ডত নিয়োজিত আছিল, যিটো সাংস্কৃতিক চলকৰ বিভ্ৰান্ত কৰিব পাৰে।
অৱশ্যে, গৱেষণাটোৰ সাধাৰণীকৰণৰ যোগ্যতা নিৰ্ণয় কৰিবলৈ ভৱিষ্যতে আৰু অধ্যয়নৰ প্ৰয়োজন আছে । কিয়নো অংশগ্ৰহণকাৰীসকলৰ অধিকাংশই পাকিস্তানৰ সেৱা খণ্ডত কৰ্মৰত আছিল, যাক বিভিন্ন চলকৰ দ্বাৰা বিচলিত কৰাৰ থল আছে ।
ইয়াৰ উপৰিও ৩৪৩ গৰাকী কৰ্মচাৰীৰ ভিতৰত কিমানগৰাকীয়ে বৰ্তমান কৰ্মক্ষেত্ৰৰ ৰোমাঞ্চৰ সৈতে জড়িত, সেয়া গৱেষকসকলে সঠিককৈ উল্লেখ কৰা পৰিলক্ষিত নহ’ল । তাৰোপৰি এনে সমীক্ষাত লিংগইও বিশেষ ভূমিকা ল’ব পাৰে। ভৱিষ্যতে হ’ব পৰা গৱেষণাত কৰ্মক্ষেত্ৰৰ সম্পৰ্ক শেষ হোৱাৰ পিছত তেওলোকৰ অনুভৱবোৰ একাষৰীয়া কৰাৰ প্ৰৱণতা বৃদ্ধি পায় নেকি, তাক পৰীক্ষা কৰাৰ বিষয়েও বিবেচনা কৰা উচিত ।
ইফালে লেখকসকলৰ মতে, “যদিও কৰ্মক্ষেত্ৰৰ ৰোমাঞ্চ সাংগঠনিক হস্তক্ষেপৰ এক আধাৰশিলা হ’ব লাগে, তথাপিও বৰ্তমানৰ সাহিত্যৰ পৰ্যালোচনাই এই কথাটোক জোৰ দিয়ে যে, কেৱল একাংশ প্ৰতিষ্ঠানেহে কৰ্মক্ষেত্ৰৰ ৰোমাঞ্চ নীতি বজাই ৰাখে । কৰ্মক্ষেত্ৰৰ ৰোমাঞ্চ হৈছে দুজন কৰ্মচাৰীৰ মাজত হোৱা এক প্ৰতিশ্ৰুতি আৰু সন্মতিপূৰ্ণ সম্পৰ্ক আৰু ইয়াৰ এটা পৰিসৰ থাকিব পাৰে । প্ৰতিষ্ঠানসমূহে আন্তঃব্যক্তিগত প্ৰশিক্ষণ (Interpersonal Skills)ৰ ব্যৱস্থা কৰিব লাগে, যিয়ে কৰ্মচাৰীসকলক কৰ্মক্ষেত্ৰত গ্ৰহণযোগ্য বনাম অগ্ৰহণযোগ্য আচৰণসমূহ বুজি পোৱাত সহায় কৰে ।”
তাৰোপৰি লেখকসকলে এই কথা যোগ দি কয়, “উপযুক্ত এইচ আৰ নীতি(HR policies)ৰ অভাৱত এক অন্তৰংগ সম্পৰ্কই জ্ঞানৰ অন্তৰংগ প্ৰবাহ ব্যাহত কৰিব পাৰে ।”