টি–২০ৰ নতুন অধিনায়ক ৰোহিত
তাৰকা অ’পেনাৰ ৰোহিত শর্মাই ভাৰতীয় টি–২০ দলৰ নতুন অধিনায়কৰ দায়িত্ব লাভ কৰিছে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে অহা ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখন মেচৰ টি–২০ শৃংখলাত ৰোহিতে ভাৰতীয় দলক নেতৃত্ব দিব ৷ ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে এই কথা ঘোষণা কৰে ৷
১৬জনীয়া দলটোত নৱাগত খেলুৱৈ হিচাপে স্থান লাভ কৰিছে আই.পি.এলত চমক সৃষ্টি কৰা উদীয়মান তাৰকা ভেংকটেশ আয়াৰ আৰু হর্ষল পেটেলে ৷ আই পি এলত কলকাতা নাইট ৰাইডার্ছৰ হৈ তিনিটা অর্ধশতকসহ ৩৭০ ৰান সংগ্রহ কৰাৰ লগতে তিনিটা উইকেট দখল কৰি ভেংকটেশ আয়াৰে ৰাষ্ট্রীয় নির্বাচক মণ্ডলীৰ দৃষ্টি আকর্ষণ কৰিছিল ৷
একেদৰে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হৈ খেলা হর্ষল পেটেলে এইবাৰৰ আই পি এলত সর্বাধিক ৩২টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে তেওঁ হেটট্রিকো অর্জন কৰিছিল ৷
ইফালে, আশা কৰা অনুসৰি বিৰাট কোহলি, যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামিয়ে আগন্তুক শৃংখলাটোৰ পৰা বিশ্রাম লাভ কৰিছে৷ টীম ইণ্ডিয়াৰ এই তাৰকা ত্রিমূর্তিয়ে আগষ্ট মাহৰ পৰা দলৰ সৈতে জৈৱ সুৰক্ষিত বলয়ত আছিল ৷ ডিচেম্বৰৰ দক্ষিণ আফ্রিকা ভ্রমণৰ প্রতি লক্ষ্য ৰাখি অভিজ্ঞ তাৰকা তিনিগৰাকীক বিশ্রাম দিয়া হৈছে ৷ আনহাতে, টি–২০ বিশ্বকাপত ব্যর্থ হোৱা তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া দলৰ পৰা বাদ পৰিছে ৷
উল্লেখ্য যে আই.চি.চি টি–২০ বিশ্বকাপত ভাৰতে অভিযান সামৰাৰ লগে লগে অধিনায়ক হিচাপে কোহলিৰ কার্যভাৰ অন্ত পৰে ৷ বিশ্বকাপৰ পিছতে টি–২০ৰ নেতৃত্ব ত্যাগ কৰিব বুলি তাৰকাগৰাকীয়ে আগতীয়াকৈ ঘোষণা কৰিছিল ৷