Local, Vocal, Global

Road Accident : অকালতে হেৰাই গ’ল এজনী মেধাৱী ছাত্ৰী

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । অকালতে হেৰাই গ’ল এজনী মেধাৱী ছাত্ৰী । উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱাৰ স্কুটীৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰ জমা দিবলৈ গৈ আধা বাটতে প্ৰাণ হেৰুৱালে মেধাৱী ছাত্ৰী মুৰ্শ্বিদাই(Road Accident in Nagaon)।

নগাঁত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷ বৃহস্পতিবাৰে অৰ্থাত আজি নগাঁও জিলাত প্ৰদান কৰা হ’ব বাণীকান্ত কাকতি বঁটাৰ স্কুটীসমূহ । কিন্তু এই স্কুটী লাভৰ সপোন পূৰণ নহ’ল নগাঁৱৰ জুৰীয়াৰ এগৰাকী মেধাৱী ছাত্ৰীৰ।

উল্লেখ্য যে, বাণীকান্ত কাকতি বঁটা প্ৰদানৰ এটা দিন পূৰ্বে অৰ্থাৎ বুধবাৰে পিতৃৰ সৈতে নগাঁৱলৈ গৈছিল মুৰ্শ্বিদা ৷ স্কুটীৰ ডীলাৰত স্কুটীৰ বাবে প্ৰয়োজনীয় সকলো নথি জমা দিবলৈ গৈছিল ছাত্ৰীগৰাকী সেই সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় মুৰ্শ্বিদা আৰু পিতৃয়ে যাত্ৰা কৰা বাইকখনৰ(Road Accident in Nagaon) ।

জানিব পৰা মতে, এখন তীব্ৰবেগী ট্ৰেভেলাৰ আৰু এখন টেম্প’ৰ মাজত সংঘৰ্ষৰ ফলতেই দুর্ঘটনাটো সংঘটিত হয়।নগাঁও চহৰৰ বেবেজীয়াৰ সমীপত ট্ৰেভেলাৰ আৰু টেম্প’ৰ মাজত হোৱা সংঘৰ্ষৰ মাজত দুয়োখন বাহনৰ চেঁপাত পৰি গুৰুতৰভাৱে আহত হয় টেম্প’খনৰ কেইবাগৰাকী যাত্ৰীৰ লগতে বাইকত অহা পিতৃ-কন্যাও। লগে লগে স্থানীয় লোকে গুৰতৰভাৱে আহত হোৱা হিবজুৰ ৰহমান আৰু মুৰ্শ্বিদাক সংকটজনক অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰায় ৷ যদিও পৰৱৰ্তী সময়ত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে মুৰ্শ্বিদাই(Road Accident) ৷

আনন্দ মনেৰে পিতৃ হিবজুৰ ৰহমানৰ সৈতে ঘৰৰ পৰা ওলাই অহা মুৰ্শ্বিদা আৰু ঘৰলৈ ঘূৰি যাব নোৱাৰিলে।

অৱসৰপ্ৰাপ্ত সেনা বিষয়া মুৰ্শ্বিদাৰ পিতৃ সম্প্ৰতি চিকিৎসালয়ৰ ICU ত মৃত্যুৰ সৈতে যুঁজি থকা বুলি জানিব পৰা গৈছে। মেধাসম্পন্ন ছাত্ৰী মুৰ্শ্বিদাৰ অকাল মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে জুৰীয়া অঞ্চতেই নহয় সমগ্ৰ নগাঁৱতেই গভীৰ শোকৰ ছাঁ বিৰাজ কৰিছে ৷ ইপিনে, দুর্ঘটনাটোৰ ফলত আহত টেম্প’খনৰ যাত্ৰীকো বুধবাৰে বিয়লিয়েই চিকিৎসাৰ ব্যৱস্থা কৰা হয়।

লগতে পঢ়ক : Road Accident in Nagaon : তীব্ৰবেগী ট্ৰেভেলাৰ,মটৰ চাইকেল আৰু অটোৰ মাজত সংঘৰ্ষ