Kaliabor Road Accident : কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰ, ১৬জুন : এক মৰ্মান্তিক দুৰ্ঘটনা।কলিয়াবৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident) ৷ কলিয়াবৰত নৈশ বাছ আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ।বৃহস্পতিবাৰে মাজ নিশা প্ৰায় ১:১০ বজাত কলিয়াবৰৰ হাটবৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাটো ।
উল্লেখ্য যে, বৃহস্পতিবাৰে মাজ নিশা প্ৰায় ১:১০ বজাত কলিয়াবৰৰ হাটবৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো (Road Accident in Kaliabor)। ৰত্নগিৰি নামৰ এখন নৈশ বাছ আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ জানিব পৰা পৰে, নিশা অহা প্ৰচণ্ড বতাহ-বৰষুণৰ বাবেই কলিয়াবৰ আৰক্ষী নিৱেশ এলেকাৰ 37 নং ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাগ্ৰস্ত ৰত্নগিৰি নামৰ নৈশ বাছৰখনৰ নম্বৰ হৈছে AS-01-JC-6649 আৰু ট্ৰাকখনৰ নম্বৰ হৈছে AS-01-NC-5897 ৷
এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন লগতে আহত হয় বাছখনৰ ১৯ গৰাকীকৈ যাত্ৰী । নিহত লোকজন ট্ৰাকখনৰ চালক আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে । আনহাতে আহতসকলৰ কেইবাগৰাকী যাত্ৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা হৈছে(Road Accident in Kaliabor৷
ইফালে দুৰ্ঘটনাৰ পাছত আহতসকলক নিশাই কলিয়াবৰ অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰা হয় ৷প্ৰাপ্ত তথ্য অনুসৰি, আহতসকলৰ একাংশ লোকক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক : earthquake : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি