Local, Vocal, Global

Manipur violence :কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ

নেশ্যনেল ডেস্ক, ১৬ জুন : আজিও মণিপুৰৰ পৰিৱেশ শান্ত হোৱা নাই। এটাৰ পাছত আনটো কাৰকে ক্ৰিয়া কৰি আছে মণিপুৰত (Violence in Manipur)। মণিপুৰত এতিয়াও অব্যাহত আছে হিংসাত্মক ঘটনাৰ। পুনৰ দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিলে মন্ত্ৰীৰ বাসগৃহত। বৃহস্পতিবাৰে নিশা ইম্ফলৰ কংবাত ৰাজ্যখনৰ কেন্দ্ৰীয় বিদেশ মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ মণিপুৰ চৰকাৰৰ(Mob torches Union minister Rajkumar Ranjan Singh’s house in Imphal) ।

সুভাগ্যক্ৰমে বৃহস্পতিবাৰে নিশা ইম্ফলস্থিত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ । বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, ঘটনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিং ঘৰত নাছিল । সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিঙে কয়‘মই বৰ্তমান চৰকাৰী কামৰ বাবে কেৰালাত আছো ।

সৌভাগ্যক্ৰমে, যোৱা নিশা মোৰ ইম্ফলস্থিত ঘৰত কোনো লোক আহত হোৱা নাই । দুস্কৃতিকাৰীয়ে পেট্ৰ’ল বোমা লৈ আহিছিল আৰু মোৰ ঘৰৰ তলৰ মহলা আৰু প্ৰথম মহলাৰ ক্ষতি হৈছে বুলি মই জানিব পাৰিছো ৷ উত্তৰ-পূবাঞ্চলত শান্তি ঘূৰি অহাৰ প্ৰাৰ্থনা কৰি কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰীগৰাকীয়ে কয়, ‘মোৰ গৃহৰাজ্যত কি হৈ আছে সেয়া দেখি বৰ দুখ লাগে ৷ ৰাজ্যখনৰ শান্তি ঘূৰাই আনিবৰ বাবে ৰাজ্যবাসীলৈ আহ্বান জনাম বুলি উল্লেখ কৰি তেওঁ এই ধৰণৰ হিংসাত লিপ্ত হোৱাসকল একেবাৰে অমানৱীয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে(Manipur violence) ৷

অশান্ত মণিপুৰত পুনৰ সংঘৰ্ষৰ সূত্ৰপাত হৈছে। বৃহস্পতিবাৰৰ পৰা ৰাজধানী ইম্ফলত জাৰি কৰা হৈছিল সান্ধ্য আইন। কিন্তু তাৰ মাজতে নিৰাপত্তাৰক্ষীৰ সৈতে দুস্কৃতিকাৰীৰ সংঘৰ্ষই আতংক বিয়পাই দিছে। বহু ঘৰ জ্বলাই দিয়া হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিবলগীয়া হয় (Residence of Union Minister R K Ranjan torched in Imphal)।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে বিয়লি ইম্ফলৰ নিউ চিকল অঞ্চলত দুষ্কৃতিকাৰীয়ে অশান্তি পৰিৱেশৰ সৃষ্টি কৰে। তেওঁলোকে আৰক্ষীক আক্ৰমণ কৰে। আৰক্ষীয়ে পাল পাতি কন্দুৱা গেছৰ শ্বেল নিক্ষেপ কৰে। ইয়াৰ পিছতে উত্তেজনা বাঢ়ি যায়। কেইবাটাও ঘৰত অগ্নিসংযোগৰ ঘটনা ঘটে। বৰ্তমানো ক্ষতিগ্ৰস্ত অঞ্চলত যথেষ্ট উত্তেজনা অব্যাহত আছে।

উল্লেখ্য যে কুকি-মেইটেই সংঘাতৰ বাবে মণিপুৰ অশান্ত হৈ পৰিছে। সংখ্যাগৰিষ্ঠ ‘মেইটেই’ জনগোষ্ঠীক অনুসূচিত জাতি হিচাপে স্বীকৃতি দিয়াৰ আন্দোলনে ক্ষুদ্ৰ ৰাজ্যখনৰ নগা-কুকি জনগোষ্ঠীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু ইয়াক কেন্দ্ৰ কৰিয়েই ৰক্তাক্ত সংঘৰ্ষ, কাৰ্ফিউ, আৰক্ষীৰ গুলীচালনাৰ দৰে ঘটনা কেইসপ্তাহমানৰ পৰা সমগ্ৰ দেশে প্ৰত্যক্ষ কৰি আহিছে।মুঠতে পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে।

লগতে পঢ়ক : Kaliabor Road Accident : কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা