Local, Vocal, Global

Road accident in Jamugurihat : জামুগুৰিহাটত শোকাৱহ দুৰ্ঘটনাত নিহত এজন

জামুগুৰিহাট, ৮ জুলাই : ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident)। এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল জামুগুৰিহাটৰ ধলাইবিল। শণিবাৰে পুৱাই সংঘটিত হৈছে এই দুৰ্ঘটনাটো(Road accident in Sonitpur) ।

প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে পুৱাই চুইফট বাহনক তীব্ৰ বেগেৰে অহা ডাম্পাৰে খুন্দা মাৰে। ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । ডিব্ৰুগড় জিলাৰ পৰা মঙলদৈ অভিমুখে গৈ থকা অৱস্থাত জামুগুৰিহাটৰ ধলাইবাৰী অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো(Road accident in Jamugurihat)।

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত চুইফট বাহনখনৰ নম্বৰৰ AS-01-BG 9710। এই সংঘৰ্ষৰ ফলত এজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন লোক আহত হয়(One dead four injured)। নিহত নিহত ছাত্ৰজনক লুকু শৰ্মা বুলি চিনাক্ত কৰা হৈছে।আৰু তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল।

ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় জামুগুৰিহাট আৰক্ষী আৰু পৰিস্থিতিৰ বুজ লয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত লোককেইজনক চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

আহতসকল ক্ৰমে অৰিন্দম শৰ্মা(২৬) ভূমিতা ভট্টাচাৰ্য (৫৫) গীতাঞ্জলি শৰ্মা(৪৭) আৰু কুশল ডেকা আটাইকেইগৰাকীৰ ঘৰ মংগলদৈত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Police station attacked in Meghalaya: মেঘালয়ত দুৰ্বৃত্তৰ থানা আক্ৰমণ, জ্বলাই দিলে বাহন