Road Accident in Chapar: কৰ্তব্যৰত যান বাহন শাখাৰ আৰক্ষীক খুন্দা বাইকৰ; আহত আৰক্ষী কনিষ্টবল

চাপৰ,৫ডিচেম্বৰ : চাপৰৰ ধীৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা।
ধীৰঘাটত বাইকে প্ৰচণ্ড খুন্দা মাৰে কৰ্তব্যৰত যান বাহন শাখাৰ আৰক্ষীক।
দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰক্ষী কনিষ্টবলৰ লগতে বাইক আৰোহী দুজন।
যান বাহন শাখাৰ আৰক্ষীয়ে তালাচী চলাই থকা অৱস্থাত সংঘটিত হয় পথ দুৰ্ঘটনাটো(Road Accident in Chapar)।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলাবলৈ চেষ্টা কৰে বাইক আৰোহী।
উল্লেখ্য যে, বিলাসীপাৰাৰ পৰা চাপৰ অভিমুখে আহি থকা অৱস্থাত ধীৰঘাটতস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
বাইক আৰোহী দুজনৰ ঘৰ বঙাইগাঁও জিলাৰ পঞ্চগাওঁত বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা গ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS-19G-0354।
আহত কেইজনক চাপৰ সামুহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা ।
লগতে পঢ়ক :Missing journalist’s body found in septic tank :দুৰ্নীতি পৰায়ন ঠিকাদাৰে হত্যা কৰিলে সাংবাদিকক