Traffic police commendable step :হাতত ৰঙা গোলাপ,হেলমেট লৈ ৰাজপথত সস্তম যান-বাহন আৰক্ষী আৰু যুৱকৰ দল
গুৱাহাটী: ৪ ফেব্ৰুৱাৰী আজি Valantine Day। প্ৰেমৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন। এই বিশেষ দিনটোতে আমিনগাও ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সন্মুখৰ হাজো-আমিনগাও পথত লোৱা হয় এক ব্যতিক্ৰমী কাৰ্যসূচী ।
হাতত ৰঙা গোলাপ,হেলমেট লৈ ৰাজপথত সস্তম যানবাহন আৰক্ষী আৰু যুৱকৰ দল। হেলমেট নিপিন্ধা প্ৰতিজন বাইক চালকক এটা ৰঙা গোলাপ আৰু হেলমেট উপহাৰ দি যান-বাহন আইন ভংগ নকৰিবলৈ আহ্বান জনালে আৰক্ষী আৰু যুৱকৰ দলটোৱে।
কেৱল ইমানেই নহয় যান-বাহন আইন মানি বাইক, গাড়ী চলোৱা প্ৰতিজন লোকৰ মাজতো ৰঙা গোলাপ আৰু হেলমেট প্ৰদান কৰি শুভেচ্ছা জনালে দলটোৰ সদস্য সকলে । কামৰূপ যান-বাহন আৰক্ষী আৰু ” Yotta Data Services” ৰ পৰা লোৱা হয় এই ব্যতিক্ৰমী কাৰ্যসূচী ।