Local, Vocal, Global

Road accident in Andhra Pradesh: তিৰুমালা মন্দিৰ ভ্ৰমণ কৰি উভতাৰ পথত দুৰ্ঘটনা, এটা পৰিয়ালৰে ৬ গৰাকী লোকৰ মৃত্যু

নেশ্যনেল ডেস্ক, ৯ জুলাই: অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ মিত্তকন্দ্ৰিগা গাঁৱত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident in Andhra Pradesh) । প্ৰসিদ্ধ তিৰুমালা মন্দিৰ ভ্ৰমণ কৰি ঘৰলৈ উভতি অহাৰ পথত দেওবাৰে বিয়লি সংঘটিত দুৰ্ঘটনাটোত ছয়গৰাকী লোকৰ মৃত্যু হয় (6 people of a family death) ।

তিৰুপতি-শ্ৰী কলাহাষ্টী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মিত্তকন্দ্ৰিগা গাঁৱত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত তীৰ্থযাত্ৰীসকলে যাতায়ত কৰা বাহনখনৰ এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Car collided head-on with truck) । ৰেনিগুন্টাৰ মহকুমা আৰক্ষী বিষয়া ভৱ্যা কিশোৰে সংবাদ প্ৰতিষ্ঠানক জনোৱা মতে, “আজি বিয়লি প্ৰায় ১:৪৫ বজাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত একেটা পৰিয়ালৰে ছয়গৰাকীকৈ লোকৰ মৃত্যু হৈছে (Six Tirumala devotees die in road accident ) । মৃত পৰিয়ালটো বিজয়াৱাড়াৰ কৃষ্ণলংকা অঞ্চলৰ বাসিন্দা আছিল।

বাহনখনত মুঠ সাতগৰাকী লোক থকাৰ কথা উল্লেখ কৰি তেওঁলোকৰ মাজৰ ১৬ বছৰীয়া ল’ৰা এটাহে দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । আহত কিশোৰজনে জনোৱা অনুসৰি, শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত বিজয়ৱাড়াৰ পৰা তিৰুমালালৈ গৈছিল তেওঁলোক । ইয়াৰ পিছত দেওবাৰে পুৱা মন্দিৰলৈ গৈছিল পৰিয়ালটো। মন্দিৰত আশীষ লৈ তেওঁলোকে বিজয়াৱাড়ালৈ উভতনি যাত্ৰা আৰম্ভ কৰে আৰু ঘৰলৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় ।

আহত কিশোৰজনৰ এখন ভৰি ভাগিছে যদিও তেওঁ এতিয়া সংকটমুক্ত বুলি উল্লেখ কৰি ঘটনাৰ অনুসন্ধান কৰি থকা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে ।

(বাতৰি এজেঞ্চিৰ পৰা সংগৃহিত)

লগতে পঢ়ক: Road accident in Barpeta : বৰপেটাত শোকাৱহ দুৰ্ঘটনা, নিহত দুজন