অশ্ৰুসিক্ত নয়নেৰে অসমে বিদায় জনালে এ আৰ শ্বহীদ সুমন স্বৰ্গিয়াৰীক

১৫ নৱেম্বৰ: ৪৬ অসম ৰাইফলছৰ শ্বহীদ সুমন স্বৰ্গিয়াৰীৰ অন্তিম সংস্কাৰ সোমবাৰে অসমৰ বাক্সা জিলাৰ থাইকাৰাকুচি গাঁৱত তেঁওৰ জন্মভূমিত সম্পূর্ণ ৰাজ্যিক সন্মানেৰে সম্পন্ন কৰা হয়। উল্লেখ্য যে ১৩ নৱেম্বৰত মণিপুৰত সংঘটিত আক্রমণত সাহসী হৃদয় সুমন স্বৰ্গিয়াৰীয়ে প্ৰাণ হেৰুৱাইছিল। আজি ৰাতিপুৱা স্বৰ্গিয়াৰীৰ নশ্বৰ দেহ প্ৰথমতে গুৱাহাটী বিমান বন্দৰলৈ অনা হয় আৰু তাৰ পৰা তেঁওৰ নশ্বৰ দেহটোক তেঁওৰ ঘৰলৈ লৈ যোৱা হয়। শণিবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত সংঘটিত আক্রমণত স্বৰ্গিয়াৰীৰ লগতে আৰু সাতজন ব্যক্তি নিহত হৈছিল। যাৰ ভিতৰত আছিল অসম ৰাইফলছৰ এজন কমাণ্ডিং অফিচাৰৰ পত্নী আৰু ৮ বছৰীয়া পুত্র। তেঁওৰ নশ্বৰ দেহ আহি ঘৰত উপস্থিত হোৱাৰ লগে লগে শোকাবুল পৰিৱেশৰ সৃষ্টি হৈছিল। ইতিমধ্যে শ্বহীদসকলক তেঁওলোকৰ সমৃদ্ধ শ্ৰদ্ধাঞ্জলি আৰু শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সমবেত হৈছিল জিলাখনৰ অসামৰিক লোকসকল। লগতে অসমৰ কোকৰাঝাৰত (বি টি চি) ত দেওবাৰে সন্ধিয়া শ্বহীদ অসম ৰাইফলছৰ সৈনিক সকলৰ বিদেহী আত্মাৰ সদগতিৰ বাবে মমবাতি জ্বলাই এক বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছিল। উল্লেখ্য যে গুৱাহাটীৰ এল জি বি আই বিমানবন্দৰত অসমৰ স্বাস্থ্য মন্ত্রী কেশব মহন্ত, জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু প্ৰশাসনিক বিষয়াসকলে শ্বহীদ সৈনিকজনৰ নশ্বৰ দেহলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।