Local, Vocal, Global

Revanth Reddy takes oath as CM : তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে ৰেৱন্ত ৰেড্ডীয়ে

নিউজ ডেস্ক, ৭ডিচেম্বৰ : নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ৰেৱন্ত ৰেড্ডীয়ে(Revanth Reddy takes oath as CM) ।

তেলেংগানাৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে ।হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত শপত গ্ৰহণ ৰেৱন্ত ৰেড্ডীৰ ।

হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ বহুটো শীৰ্ষ নেতাৰ উপস্থিতিত শপত গ্ৰহণ কৰিলে ৰেড্ডীয়ে । নতুন মুখ্যমন্ত্ৰী হিচাপে ৰেৱন্ত ৰেড্ডী শপত গ্ৰহণ কৰালে ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনে(Revanth Reddy Sworn-In As Telangana CM With 11 Ministers)।

হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহন কৰে উত্তম কুমাৰ ৰেড্ডী, শ্ৰীধৰ বাবু, পোন্নম প্ৰভাকৰ, কমতিৰেদ্দি ভেংকট ৰেড্ডী, দামোদৰ ৰাজনাৰসিংহ, পংগুলেতি শ্ৰীনিবাস ৰেড্ডী, দনা আনসুয়া, তুম্মালা নাগেশ্বৰ ৰাও, কোণ্ডা সুৰেখা, আৰু জুপল্লী কৃষ্ণ ৰাও নামৰ বাৰজন(Vikramarka becomes state’s first Dalit deputy CM) ।

জানিব পৰা আজি তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া মল্লু ভট্টী বিক্ৰমাৰ্কাই মন্ত্ৰী আৰু নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ শপত গ্ৰহণ কৰিব। ইয়াৰ উপৰিও গাদ্দাম প্ৰসাদ কুমাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে।

উল্লেখ্য যে, এই অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী , তেলেংগানাৰ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া মণিকৰাও ঠাকাৰেকে ধৰি কংগ্ৰেছৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Revanth Reddy to take oath as Telangana CM today : আজি তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে