Local, Vocal, Global

Cyclone Michaung : ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱত মৃত্যু ১৭ জনৰ

নেশ্যনেল ডেস্ক, ৬ ডিচেম্বৰ : সংহাৰী ৰূপত ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱ ।

বুধবাৰে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি , দুৰ্বল হৈ পৰিছে অন্ধ্ৰ প্ৰদেশৰ মধ্য উপকূলীয় অংশত ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱ । ইতিমধ্যে ঘূৰ্ণীবতাহ মিচাউঙৰ ফলত প্ৰাণ কাঢ়িছে চেন্নাইৰ ১৭ জনকৈ লোকৰ(Cyclone Michaung ) ৷

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে X যোগে কয়, “ঘূৰ্ণীবতাহ ‘মিচাউং’ দুৰ্বল হৈ অন্ধ্ৰ প্ৰদেশৰ মধ্য উপকূলত গভীৰ মন্দাৱস্থাত পৰিণত হৈছে । বাপাটলাৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ উত্তৰ-পশ্চিম আৰু খাম্মামৰ পৰা ৫০ কিলোমিটাৰ দক্ষিণ-পূবে পৰৱৰ্তী ৬ ঘণ্টাত এই বতাহ অধিক মন্দাৱস্থাত পৰিণত হ’ব ৷”

উল্লেখ্য যে, বৰষুণ আৰু পৰৱৰ্তী সময়ত ধুমুহাৰ ফলত হোৱা বানপানীয়ে ৰাজ্যখনৰ সাধাৰণ জীৱনযাত্ৰা স্তব্ধ কৰি পেলায়, ইয়াৰোপৰি মৃতক আৰু সা-সম্পত্তিৰো ক্ষতিসাধন হয় । ৫ ডিচেম্বৰ মঙলবাৰে জাৰি কৰা এক বিবৃতিযোগে চেন্নাই আৰক্ষীয়ে মহানগৰীখনত সৃষ্টি হোৱা ঘূৰ্ণীবতাহৰ ফলত হোৱা বানপানীৰ ফলত বিভিন্ন ঘটনাত ১৭ জন লোকৰ মৃত্যু হোৱা বুলি জনা(Cyclone Michaung Weakens Into Deep Depression Over Central Coastal Andhra Pradesh) ।

আৰক্ষীৰ মতে, পানীত বিদ্যুৎস্পৃষ্টৰ দৰে ঘটনা সংঘটিত হৈছে মহানগৰীখনত ৷বৰ্তমান তেওঁলোকক চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে বুলি কয় আৰক্ষীয়ে জনাই ।

মঙলবাৰে DMK ৰ সাংসদ কানিমোঝিয়ে কয় যে ২০১৫ চনৰ তুলনাত তামিলনাডু চৰকাৰে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বহু বেছি প্ৰস্তুত ৷ ২০১৫ চনত চেন্নাইত হোৱা অবিৰত বৰষুণে বানপানীৰ সৃষ্টি কৰিছিল, যাৰ ফলত মানুহে প্ৰাণ হেৰুওৱাৰ লগতে সা-সম্পত্তিৰ ক্ষতি হৈছিল ।

এই সন্দৰ্ভত তেওঁ কয়, “যোৱা দুদিনত ইয়াত ৩৩ ছে.মি.তকৈ অধিক বৰষুণ হৈছে, ২০১৫ চনতকৈ এই পৰিমাণ বহু বেছি । অৱশ্যে এইবাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰখন ভালদৰে সাজু হৈছে । বহু লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে(Cyclone Michaung weakens into deep depression over central coastal Andhra: IMD) ।”

DMK ৰ সাংসদগৰাকীয়ে লগতে কয়, “ইতিমধ্যে ৪১১ টা সাহায্য আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে । বেছিভাগ অঞ্চলৰ পৰাও পানী পাম্পৰ জৰিয়তে উলিয়াই দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ৬০-৭০ শতাংশতকৈ অধিক ঘৰত বিদ্যুৎ পুনৰ সংযোগৰ ব্যৱস্থা কৰা হৈছে ।”

লগতে পঢ়ক : Cyclone Michaung: ঘূৰ্ণীবতাহ মিচাউঙৰ সংহাৰী ৰূপ;হাই এলাৰ্ট জাৰি