Child abuse in Hailakandi: অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়াৰ ঘৰত উদ্ধাৰ অন্তঃসত্ত্বা নাবালিকা

হাইলাকান্দি, ১৩জুন: হাইলাকান্দিত এক চাঞ্চল্যকৰ ঘটনা।হাইলাকান্দিৰ আৰক্ষীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী অন্তঃসত্ত্বা নাবালিকাক(Child abuse in Hailakandi)।
প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে অৰ্থা আজি হাইলাকান্দিৰ অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়াৰ ঘৰৰ পৰা এগৰাকী নাবালিকাক উদ্ধাৰ কৰা হৈছে(Retired police officer arrested on charges of child abuse in Hailakandi)। জানিব পৰা মতে নাবালিকা গৰাকী অন্তঃসত্ত্বা আছিল। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে। আৰক্ষী বিষয়াৰ গৰাকীৰ ঘৰ শহৰৰ ভিচিংচাত,নাম শুকুৰ আলি বড়ভুইয়া বুলি জানিব পৰা গৈছে(Child abuse in Hailakandi)। ইতিমধ্যে শুকুৰ আলি বড়ভুইয়াক গ্ৰেপ্তাৰ কৰিছে হাইলাকান্দি আৰক্ষীয়ে(Retired police officer arrested) ।
সূত্ৰই জনাোৱা অনুসৰি, জিলাখনত এক যুটীয়া অভিযান চলাই শিশু অধিকাৰ আৰু হাইলাকান্দি আৰক্ষীৰ এটা দলে আৰু এই অভিযানত নাবালিকাক ভিচিংচাত অভিযুক্তৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে নাবালিকাক(Retired police officer arrested on charges of child abuse in Hailakandi)।
ৰাজ্যত শিশু সুৰক্ষা আইন কঠোৰ হোৱাৰ পাছটো ৰাজ্য সংঘটিত হোৱা এনে ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। শিশুসকলক সুস্থ, সবল আৰু উপযুক্ত নাগৰিক হিচাবে গঢ়ি তুলিবলৈ সৰু কালৰ পৰাই তেওঁলোকক সকলো ক্ষেত্ৰতে উপযুক্ত শিক্ষা দীক্ষা প্ৰদান কৰি তেওঁলোকক প্ৰতি যত্নবান হোৱা উচিত। দেশ তথা জাতিৰ ভৱিষ্যত শিশুসকল। সেয়েহে এই শিশুসকলক সঠিকভাৱে গঢ় দিব পাৰিলেহে দেশ তথা জাতিৰ ভৱিষ্যত সুৰক্ষিত হ’ব। কিন্তু সাম্প্ৰতিক সময়ত গোটেই বিশ্বতে ইয়াৰ ওলোটা প্ৰতিচ্ছবিহে দেখিবলৈ পোৱা গৈছে। অন্য দেশৰ লগতে ভাৰততো শিশু নিৰ্যাতনে এক ভয়ানক ৰূপ লৈছে।
শিশু নিৰ্যাতনৰ দ্বাৰা মানৱ অধিকাৰ ভংগ হয়। সমগ্ৰ বিশ্বতে মানৱাধিকাৰ উলংঘা হোৱা প্ৰধান কাৰণ হৈছে শিশু নিৰ্যাতন । ভাৰতবৰ্ষত এই শিশু নিৰ্যাতনৰ বিষয়টো ভাৰত চৰকাৰৰ মহিলা আৰু বাল উন্নয়ন মন্ত্ৰালয়ে চোৱা চিতা কৰে যদিও এই সমস্যাটো হ্ৰাস পোৱা পৰিলক্ষিত হোৱা নাই।
অসমত শিশু নিৰ্যাতন প্ৰতিৰোধৰ উদ্দেশ্যে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অসমেই হৈছে দ্বিতীয়খন ৰাজ্য য’ত শিশু নিৰ্যাতনৰ সমস্যা সমাধানৰ বাবে তৎকালীন আদালত(Fastrack Court) ৰ প্ৰবৰ্তন কৰা হৈছে । এই আদালতত শিশুৰ লগত হোৱা অপৰাধ, যৌন নিৰ্যাতন আৰু শিশুৰ অধিকাৰ খৰ্ব কৰা (IPC)ৰ অধীনৰ গোচৰসমূহ অতি সোনকালে নিস্পত্তি কৰি দোষীক শাস্তি প্ৰদান কৰে । তথাপিও কিন্তু এই কু-কাৰ্য প্ৰতিদিনে বাঢ়ি হে গৈ আছে । অসমত সঘনাই সংঘটিত হোৱা দেখা গৈছে শিশু নিৰ্যাতনৰ ঘটনা ।
২০১৩ চনত বাল বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত পোহৰলৈ আহিছে যে এতিয়াও অসমৰ বহুতো যুৱতী সন্ধানহীন হৈ আছে আৰু দেশৰ অন্যান্য প্ৰান্ততো জোৰজুলুম কৰি বিবাহ বা যৌন কৰ্মী হিচাপে কাম কৰি আছে।এই কু-কাৰ্য নিবাৰণৰ বাবে অসম চৰকাৰৰ শিশু অধিকাৰ সুৰক্ষা কমিছনে’ ৪ মাৰ্চ দিনটো ‘ শিশু অধিকাৰ সুৰক্ষা দিৱস’ হিচাপে পালন কৰাটো থিৰাং কৰিছে যদিও এই সমস্যা ৰোধ কৰিব পৰা নাই।
আমাৰ দেশ ভাৰতবৰ্ষত প্ৰতিদিনে বহু ধৰণৰ নিৰ্যাতন জনিত ঘটনা সংঘটিত হয় আৰু বেছি ভাগ ক্ষেত্ৰতে নিৰ্যাতনৰ বলি হয় নাৰী আৰু শিশু সকল।
লগতে পঢ়ক :Water Explosion in Guwahati : হিমান্ত চৰকাৰক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেত্ৰীৰ