Residents Bound, Gagged As Robbers Loot House : পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ডকাইতি;মাতৃ-পুত্ৰৰ হাত-ভৰি বান্ধি ডকাইতৰ দলে চলালে লুটপাট

নিউজ ডেস্ক,২০জুলাই : পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ডকাইতি। মাতৃ-পুত্ৰৰ হাত-ভৰি বান্ধি ডকাইতৰ দলে চলালে লুটপাট। লুটি নিলে নগদ ৬০ হাজাৰ টকা, ৪ লাখ টকাৰ সোণ(Residents Bound, Gagged As Robbers Loot House)।
গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত ১ নং আনন্দ নগৰত সংঘটিত হৈছে এই ঘটনাটো। ইভা আইন কুল্লু নামৰ এগৰাকী মহিলাৰ ঘৰত ডকাইতে চলালে লুটপাট।
উল্লেখ্য যে, নুনমাটিৰ ১ নং আনন্দ নগৰৰ বাসিন্দা এগৰাকী বিধৱা মহিলাই শুকুৰবাৰে নিশা ভাত-পানী খাই ১৫ বছৰীয়া পুত্ৰক লগত লৈ বিছনাত শুই যায়। পুৱতি নিশা ২:৩০ মান বজাত ছয়জনীয়া ডকাইতৰ দলে পাকঘৰৰ খিড়িকীৰ ৰড ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে।ডকাইতৰ দলটো শোৱনি কোঠাত প্ৰৱেশ কৰি বিছনাত শুই থকা মহিলাগৰাকী আৰু পুত্ৰক মুখত সোপা দি হাত ভৰি বান্ধি দিয়ে(Residents Bound, Gagged As Robbers Loot House In Noonmati)।
ঘোৰ নিদ্ৰাত থকা অৱস্থাত মাতৃ-পুত্ৰই প্ৰাৰম্ভিক অৱস্থাত তেওঁলোকৰ লগত কি হৈ আছে সেয়া অনুধাৱন কৰিব পৰা নাছিল। পৰৱৰ্তী সময়ত ডকাইতৰ দলটোৱে মাতৃ-পুত্ৰৰ ডিঙিত চোকা অস্ত্ৰ লগাই চিঞৰ-বাখৰ নকৰিবলৈ ভাবুকি দিয়ে। ইয়াৰ পিছত ডকাইতৰ দলটোৱে নগদ ধন আৰু গডৰেজৰ চাবি দিবলৈ মাতৃক ভাবুকি দিয়ে। চাবি লৈ ডকাইতৰ দলটোৱে গডৰেজ খুলি নগদ ৬০ হাজাৰ টকা আৰু প্ৰায় চাৰি লাখ টকাৰ সোণৰ গহণা লুট কৰি নিয়ে।
জানিব পৰা মতে, কিছুদিন পূৰ্বে মহিলগাৰাকীয়ে ঘৰৰ ওচৰৰ এক কঠা পাঁচ লেচা ভূমি ৮০ লাখত বিক্ৰী কৰিছিল। উক্ত ৮০ লাখ টকা লুট কৰিবলৈ ছয়জনীয়া ডকাইতৰ দলে মুখত কলা কাপোৰ বান্ধি ডকাইতি কৰিবলৈ অহা বুলি পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু ধনখিনি ঘৰত নাছিল বাবে পৰিয়ালটো সেই ধন লুটৰ পৰা ৰক্ষা পৰে। ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে ডকাইতৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।
ইপিনে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰি ডকাইতে এৰি থৈ যোৱা এযোৰ চেণ্ডেল, এপাত লোৰ চাবোল আৰু ভঙা তলা এটা জব্দ কৰিছে।
লগতে পঢ়ক : Road Accident in Kaliabor : ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা আন এখন তীব্ৰবেগী ট্ৰাকৰ