Local, Vocal, Global

Rescuing wild Elephant Trapped in Water Hole: নুমলীগড়ৰ সুন্দৰপুৰত পৰিত্যক্ত গাঁতত আবদ্ধ বন্যহস্তী;প্ৰায় ৩ ঘণ্টা ধৰি আবদ্ধ বন্যহস্তী

নিউজ ডেস্ক,২১জানুৱাৰী : নুমলীগড়ৰ সুন্দৰপুৰত পৰিত্যক্ত গাঁতত আবদ্ধ বন্যহস্তী। প্ৰায় ৩ ঘণ্টা ধৰি আবদ্ধ হৈ আছিল হাতী।

জানিব পৰা মতে,নিশা বন্যহস্তীৰ জাক এটা গোলাঘাট জিলাৰ অন্তৰ্গত মৰঙি মৌজাৰ সুন্দৰপুৰৰ মাজেৰে পাৰ হৈ গৈছিল ৷ তেতিয়াই সেই হাতীৰ জাকৰে এটা হস্তী উক্ত গাঁতটোত পৰি যায় ৷ কেবাঘন্টা ধৰি উক্ত গাঁতটোত পৰি ৰোৱা এই হাতীটোৰ চটফটনি দেখি গঞা ৰাইজে খবৰ দিয়ে বকিয়াল বন বিভাগক ৷ মঙলবাৰে পুৱাই এই খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হয় বন বিভাগৰ লোক ৷ তাৰ পাছতে অকণো পলম নকৰাকৈ বন বিভাগৰ লোকে এখন এক্সকেভেটৰৰৰ সহায়ত গাঁতটোৰ কিছু অংশ কাটি হাতীটো উদ্ধাৰ কৰে(Rescuing wild Elephant Trapped in Water Hole) ৷

বকিয়াল বন বিভাগৰ এজন কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘সুন্দৰপুৰৰ এটা গাঁতত এটা হাতী পৰি আছে বুলি গাঁৱৰ ৰাইজে আমাক খবৰ দিছিল ৷ খবৰ পোৱাৰ লগে লগে আমি আহি হাতীটোৱে গাঁতটোত চটফটাই থকা দেখা পালো ৷ তাৰ পাছতে আমাৰ ফালৰ পৰা এখন এক্সকেভেটৰ আনি হাতীটোক উদ্ধাৰ কৰিলো । সম্ভৱতঃ খাদ্যৰ সন্ধানত হাতীটো আহোতেই এই ঘটনা সংঘটিত হৈছে, যিহেতু চাৰিওফালে বাগিচা আৰু বাগিচাৰ ভিতৰতে হাতীবোৰ থাকে ।’’

লগতে পঢ়ক :Donald Trump : দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে ড’নাল্ড ট্ৰাম্পে