Donald Trump : দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে ড’নাল্ড ট্ৰাম্পে

নিউজ ডেস্ক,২১জানুৱাৰী : দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মুখত শপত গ্ৰহণ কৰিলে ড’নাল্ড ট্ৰাম্পে(Donald Trump)।
ড’নাল্ড ট্ৰাম্পৰ লগতে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে জে ডি ভেন্সেও।
ট্ৰাম্পৰ শপত গ্ৰহণৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে অভিনন্দন(PM Modi congratulates US President Donald Trump)।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখে, “আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ বাবে মোৰ প্ৰিয় বন্ধু ড’নাল্ড ট্ৰাম্পক অভিনন্দন। আমাৰ দুয়োখন দেশৰ হিত আৰু বিশ্বৰ উন্নত ভৱিষ্যত গঢ় দিয়াৰ বাবে পুনৰ এবাৰ একেলগে কাম কৰিবলৈ আগ্ৰহী। আগন্তুক কাৰ্যকালৰ সফলতাৰ বাবে শুভকামনা।”
ড’নাল্ড ট্ৰাম্পক আদৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিল অতিথি। ৱাশ্বিংটন ডিচিত বৰ্তমান এক উৎসৱমুখৰ পৰিৱেশ। ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা আহিল বহু লোক। ভাৰতৰ হৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। জয়শংকৰে এই উপলক্ষে ট্ৰাম্পক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন বাৰ্তাও প্ৰেৰণ কৰিছে।
লগতে পঢ়ক :Police encounter in Garhbhanga: মহানগৰীৰ গড়ভঙাত আৰক্ষীৰ এনকাউণ্টাৰ