সমাপ্ত হ’ল মণিপুৰৰ ভূমিস্খলনস্থলীত উদ্ধাৰ অভিযান

নিউজ ডেক্স ২১ জুলাই : অৱশেষত সমাপ্ত হ’ল মণিপুৰৰ ট্ৰেজেডী স্থলীত উদ্ধাৰ অভিযান। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ এই ঘোষণা।
এই ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে ৬১জনকৈ লোকে। ইয়াৰ ভিতৰত ৩০জন টেৰিটৰিয়েল আৰ্মীৰ কৰ্মী আছিল। ৫জন লোক এতিয়াও সন্ধানহীন হৈ আছে , ১৮জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে।
উল্লেখযোগ্য যে ৩০ জুনত মণিপুৰৰ ননি জিলাত টুপুল য়াৰ্ডত ৰে’লৰ নিৰ্মাণস্থলীত সংঘটিত হৈছিল এই ভূমিস্খলনৰ ঘটনা। এই ঘটনাত অসমৰ কেইবাজনো লোকে হেৰুৱাইছে প্ৰাণ।