Local, Vocal, Global

Hit and Run ঘটনাৰ পুনৰাবৃত্তি

নিউজ ডেস্ক, ২৮ জুলাই : অসমত Hit and Run ঘটনাৰ পুনৰাবৃত্তি। বুধবাৰে নিশা গুৱাহাটীৰ চন্দ্ৰপুৰত এখন দ্ৰুতবেগী ভানে খুন্দা মৰাৰ ফলত এজন পথচাৰী আহত হয়।

স্থানীয় প্ৰতিবেদন অনুসৰি, ভানখনৰ চালকজনে সুৰাপান কৰিছিল আৰু তাৰ ফলশ্ৰুতিত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰীজনক খুন্দা মাৰিছিল।

ঘটনাটোৰ পিছত চালক আৰু হেণ্ডিমেনজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও মহানগৰ আৰক্ষীয়ে বাহনখনৰ পৰা বহুতো গাঞ্জাৰ পেকেট উদ্ধাৰ কৰে।

উল্লেখ্য যে, ভানখন গুৱাহাটীৰ পৰা চন্দ্ৰপুৰ অভিমুখে আহি আছিল আৰু বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 01 JC 1417 আছিল বুলি জানিব পৰা গৈছে।

আনহাতে, আহত ব্যক্তিজনক পৱন দাস বুলি চিনাক্ত কৰা হৈছে। আৰু ঘটনাটোৰ অধিক তদন্ত চলি আছে।