Local, Vocal, Global

কমনৱেলথ গেমছ ২০২২

নিউজ ডেস্ক, ২৮ জুলাই : আজিৰে পৰা Birminghamত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ২০২২।

ক্ৰীড়া সমাৰোহত ৭২ খন দেশৰ ৫,০০০ ৰো অধিক খেলুৱৈয়ে পোডিয়াম ফিনিছৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। আনহাতে অনুষ্ঠানটো ৮ আগষ্টলৈকে অনুষ্ঠিত হ’ব।

১১১ জন পুৰুষ খেলুৱৈ আৰু ১০৪ গৰাকী মহিলা খেলুৱৈঅন্তৰ্ভুক্ত ২১৫ জনীয়া ভাৰতীয় দলটোৱে বাৰ্মিংহামৰ ১৫ খন ক্ৰীড়াত অংশগ্ৰহণ কৰিব।

নীৰজ চোপ্ৰাই আঘাতৰ বাবে খেলসমূহত অনুপস্থিত থকাৰ বাবে, পিভি সিন্ধু আৰু মনপ্ৰীত সিং বাৰ্মিংহামত ভাৰতৰ পতাকাবাহক হ’ব।

এইবাৰ অসমৰ মুঠ সাতজন খেলুৱৈয়ে ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছে।

খেলসমূহত অংশগ্ৰহণ কৰা অসম খেলুৱৈসকল হ’ল বক্সিংত Lovlina Borgohian আৰু Shiva Thapa, এথলেটিকছত Hima Das, ভাৰোত্তোলনত Popy Hazarika, লন বাউলত Tania Choudhury, Nayanmoni Saikia আৰু Mridul Borgohain।