Local, Vocal, Global

৯২ তম জন্ম তিথিত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনক স্মৰণ

নিউজ ডেস্ক: মুকালমুৱাত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনক ৯২ তম জন্ম তিথি স্মৰণ কৰে৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন বৰ্মনৰ ৯২ তম জন্ম তিথিত প্ৰয়াত নেতাগৰাকীক স্মৰণ কৰে। মুকালমুৱা ৰাজীৱ ভৱণত প্ৰয়াত নেতাগৰাকীৰ প্ৰতিচ্ছৱিৰ সন্মুখত মাল্যাৰ্পণ স্মৰণ কৰে বৰক্ষেত্ৰী ব্লল কংগ্ৰেছৰ নেতা কৰ্মীসকলে। তাৰ পাছতে মুকালমুৱা চিকিৎসালয়ত থকা ৰোগীসকলক ফলফূল বিতৰণ কৰে। প্ৰয়াত নেতাগৰাকীৰ জন্ম তিথিৰ কাৰ্যসূচীত উপস্থিত থাকে কেকান কাপলাবড়ী পঞ্চায়তৰ আঞ্চলিক সদস্য নাচিৰ প্ৰধানী, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ সম্পাদক চাধুল্লা আলীসহ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ বিভিন্ন বিষয়-ববীয়াসকল।