গোলকগঞ্জত খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ, আহত ২০
নিউজ ডেস্ক: গোলকগঞ্জৰ গড়েৰহাটত বাছ দুৰ্ঘটনা সংঘটিত হৈ ২০ জনকৈ যাত্ৰী আহত হয়। গোলকগঞ্জৰ গড়েৰহাটত সংঘটিত হয় বাছ দুৰ্ঘটনা। ছাগলীয়াৰ পৰা ধুবুৰী অভিমুখে গৈ থকা AS-17-B-6030 নম্বৰৰ বাছ এখনে বিপৰীত দিশৰ পৰা আহি থকা বাইক আৰহী দুজনক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ দ – খাৱৈত বাগৰি পৰে। বাছখনত অৰ্দ্ধশতাধিক যাত্ৰী আছিল যদিও প্ৰায় ২০ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত হালাকুৰা আৰু আগমণি চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ বাছখনক জেচিবিৰে উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে।