Local, Vocal, Global

সৌৰ পেনেল নিৰ্মানৰ বাবে নেক্সৱেফত ২.৯ কোটি ডলাৰ বিনিয়োগ ৰিলায়েন্সৰ

জার্মানীৰ (Germany) চ’লাৰ পেনেল (Solar Panels) প্ৰস্তুত কাৰী সংস্থা নেক্সৱেফত (NexWafe) প্ৰায় ২.৯ কোটি ডলাৰ বিনিয়োগ কৰিছে ৰিলায়েন্স নিউ এনাৰ্জী চ’লাৰ লিমিটেডে (Reliance New Energy Solar Limited)। মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ (Reliance Industries) নিজস্ব অধীন কোম্পানী হৈছে- ৰিলায়েন্স নিউ এনার্জী চ’লাৰ লিমিটেড। নেক্সৱেফৰ প্রডাক্ট তথা প্ৰযুক্তিৰ উন্নতিৰ কাৰণে ৰিলায়েন্সে এই বিনিয়োগ কৰিছে। ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্টৰ (India Strategic Partnership Agreement) অধীনত ভাৰতৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ তথা জাৰ্মানীৰ নেক্সৱেফে যৌথভাৱে বিভিন্ন ধৰণৰ কাম কৰিব।

ৰিলায়েন্সৰ তৰফৰ পৰা জার্মানীৰ নেক্সৱেফৰ সৈতে এই চুক্তিৰ অন্যতম কাৰণ হৈছে–চ’লাৰ পেনেল তথা চিলিকন ৱেফাৰ তৈয়াৰ কৰাৰ ব্যৱসায় ক্ষেত্ৰত নিজৰ দখল মজবুত কৰা। ইয়াৰ জৰিয়তে ভাৰতে নেক্সৱেফৰ উন্নত প্ৰযুক্তিৰ সহায়ত বিশাল মাত্ৰাত পেনেল তথা চিলিকন ৱেফাৰ প্ৰস্তুত কৰা ব্যৱসায় আগবঢ়াই নিবলৈ বিচাৰে। ইয়াৰ ফলত ভাৰতত অন্যান্য দেশত তৈয়াৰ কৰা চ’লাৰ পেনেলৰ আধিপত্য কিছু হ’লেও কমিব। ভাৰতত বৰ্তমান এই ব্যৱসায়ত চীনে একচেটীয়া বিস্তাৰ কৰি ৰাখিছে। কিন্তু ৰিলায়েন্স নিউ এনাৰ্জী চ’লাৰ লিমিটেড তথা নেক্সৱেফৰ এই চুক্তিয়ে দৃশ্যপট সলনি কৰি দিব পাৰে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয়, ‘‘আমি আমাৰ সকলো ব্যৱসায় ক্ষেত্ৰত উন্নত প্ৰযুক্তি তথা নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিওঁ। জাৰ্মানীৰ নেক্সৱেফৰ সৈতে চুক্তিয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে সেই কথা। এইটো আমাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ যি আগন্তুক দিনত ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। ইয়াৰ জৰিয়তে ভাৰত ভৱিষ্যতে গ্ল’বেল লিডাৰত পৰিণত হ’ব। ফ’টোভল্টেইক (Photovoltaic) প্রযুক্তিৰ  ব্যৱহাৰৰ জৰিয়তে আলট্ৰা থীন চিলিকন ৱেফাৰ তৈয়াৰ কৰা হ’ব। ইয়াৰ জৰিয়তে চ’লাৰ এনাৰ্জীৰ ব্যৱহাৰ বৃদ্ধি সম্ভৱ হ’ব। ইয়ে প্ৰত্যেকজন ভাৰতীয়ক সহায় কৰাৰ লগতে অন্যান্য দেশসমূহকো চ’লাৰ এনাৰ্জীৰ ক্ষমতা তথা উপকাৰিতা সন্দৰ্ভত আশ্বস্ত কৰিব।