Local, Vocal, Global

Deprived From Govt Schemes : বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?

বজালী, ২৫অক্টোবৰ : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?

খবৰ লবলৈ আহৰি আছে নে জনপ্ৰতিনিধিৰ ? নে উন্নয়নৰ ঢাক-ঢোল বজোৱা ব্যস্ত হৈ আছে । বিধায়ক ফণীধৰ তালুকদাৰ সমষ্টিৰ উন্নয়নৰ নমুনা দেখিলে হতভম্ভ হৈ পৰিব আপুনিও ।একাংশই কেৱল যেন ৰাইজক ভোট বেংক হিচাপে ব্য়ৱহাৰ কৰি আহিছে ।

ভৱানীপুৰ সমষ্টিৰ উন্নয়ণৰ নগ্নস্বৰূপ । কুম্ভকৰ্ণ নিদ্ৰাত বিধায়ক ফণীধৰ তালুকদাৰ ।

শাসনাধিষ্ঠ চৰকাৰখনৰ আঁচনিৰ সীমা-সংখ্যা নাই (Assam Gov Development Schemes) । বিভিন্ন আঁচনিৰ নামকৰণেৰে হিতাধিকাৰী সৃষ্টি কৰা এইখন চৰকাৰে নিজকে জনদৰদী হিচাবে দাবী কৰি আহিছে ।শাসনাধিষ্ঠ চৰকাৰখনে চৰকাৰী আঁচনিবোৰৰ ঢাক-ঢোল বজাই আহিছে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে ।

কিন্তু এই চৰকাৰী আঁচনিবোৰৰ পৰা প্ৰকৃততে কিমান উপকৃত হৈছে সৰ্বাসাধাৰণ ! উপযুক্ত ব্যক্তি তথা পৰিয়ালে লাভ কৰিছেনে আঁচনিবোৰৰ সুবিধা ? নে কেৱল প্ৰচাৰৰ চমকৰ বাবেই এইবোৰ আঁচনি ! এই আঁচনিবোৰে এতিয়াও ঢুকি পোৱা নাই একাংশ অঞ্চল তথা প্ৰকৃত হিতাধিকাৰীক (Real Beneficiary Deprived From Govt Schemes) ।

যিটো সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে , সেই সময়তে বজালীৰ এটি পৰিয়াল বঞ্চিত হৈ আহিছে চৰকাৰী আঁচনিৰ পৰা । চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এটি পৰিয়ালক ।

প্ৰধানমন্ত্ৰী আৱাস যোজনা , উজলা , গ্ৰাম্য বিদ্যুতিকৰণ , অৰুনোদয় আদি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে এটি পৰিয়াল ৷ পৰিয়ালটোৰ কোনো অভিজ্ঞ ব্যক্তি নোহোৱাৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰী তথা গাওঁ পঞ্চায়ত সদস্য আদিৰ প্ৰতিনিধি সকলে বছৰ বছৰ ধৰি ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি আহিছে ।

বজালীৰ ভৱানীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত শিয়ালমাৰী গাঁওৰ এটি দৰিদ্ৰ পৰিয়াল । ভৱানীপুৰৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি এটি গাহৰি গৰাল সদৃশ ঘৰত এক নিৰ্জন ঠাইত বসবাস কৰি আহিছে ৷ ভঙা পজাত বাস কৰি আহিছিল ক্ৰমে প্ৰয়াত প্ৰফুল্ল কলিতাৰ পত্নী সুৰচি কলিতা , জীয়ৰী মাকনী কলিতা আৰু নাতি । এক কদৰ্যময় পৰিৱেশত জীৱন সংগ্ৰামত ব্যস্ত এই দৰিদ্ৰ পৰিয়ালটোৱে আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে দুবেলা দুমুঠিৰে জীৱন নিৰ্বাহ কৰি আহিছে । কেতিয়াবা কাম বন কৰিবলৈ নাপালে অনাহাৰে জীৱন অতিবাহিত কৰিবলগীয়া হয় এই দুৰ্ভগীয়া পৰিয়ালটো । নিৰ্জনত অতিবাহিত কৰিবলগীয়া পৰিয়ালটোৰ কণমানি ৭ বছৰীয়া শিশুটোও এক জটিল ৰোগত আক্ৰান্ত ।

ইতিমধ্যে বিগত কাতি বিহুৰ দিনাখন কণমানি চম্পক কলিতাৰ মাতৃ তথা পৰিয়ালটোৰ এক মাত্ৰ উপাৰ্জনকাৰীঁ মাকনী কলিতাৰ বিয়োগ ঘটে ৷ ৭০ বছৰীয়া ৰুগীয়া আইতাক সুৰচি কলিতাৰ ওপৰতে পৰিছে ঘৰখনৰ দায়িত্ব ৷ নাতিয়েকক লৈ আইতাকৰ গভীৰ সমস্যা ৷ এনেকুৱা পৰিস্থিতিত কি কৰিব কি নকৰিব আদি বহুতো সমস্যালৈ চকুৰ পানীৰে বাট নেদখা হৈ পৰিছে বৃদ্ধা গৰাকীয়ে৷

পৰিয়ালটোৰ চলাই নিয়াৰ লগতে শিশুটিৰ বাবে সময়ে সময়ে দৰৱ পাতি যোগান ধৰাটো পৰিয়ালৰ বাবে অতি কষ্টকৰ হৈ পৰিছে ।

উল্লেখ্য যে এখন পথাৰৰ মাজত অকলে বাস কৰা এই পৰিয়ালটোক ঢুকি পোৱা নাই কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আৰ্থিকভাৱে জুৰুলা পৰিয়ালৰ মাজত প্ৰদান কৰা চৰকাৰী আঁচনি সমূহে পৰিয়ালটোক স্পৰ্শ কৰিব নোৱাৰাটো অতি পৰিতাপৰ কথা ।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বাৰা দৰিদ্ৰ পৰিয়ালক প্ৰদান কৰি অহা সুবিধা এই দৰিদ্ৰ পৰিয়ালটোৱে আজিলৈ লাভ কৰা নাই । বিদ্যুত অবিহনে মাটিৰ চাকি জ্বলাই নিশা অতিবাহিত কৰি আহিছে পৰিয়ালটো ৷ এক অস্বাস্থ‍্যকৰ পৰিৱেশত বাস কৰা পৰিয়ালটোৱে লাভ কৰা নাই চৰকাৰে যোগান ধৰা চৰকাৰী বিনামূলীয়া বিদ্যুৎ সংযোগ ব্যৱস্থা । চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালতে বিদ্যুৎ সংযোগৰ ব্যৱস্থা প্ৰদান কৰি এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও কি কাৰণত এই পৰিয়ালটো বিদ্যুৎ সংযোগ নোহোৱাকৈ দিন কটাব লগা হৈছে সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে ।

ইয়াৰ উপৰিও বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আৰু চৰকাৰে যোগান ধৰা অনাময় আঁচনিৰ শৌচালয় আদিৰ লাভ নকৰাত পৰিয়ালটোলৈ নামি আহিছে এক বিপৰ্যয় ।

এনেদৰে বিভিন্ন সমস্যাত আৰ্থিক ভাৱে বিধ্বস্ত পৰিয়ালটোক উদ্ধাৰৰ বাবে ৰাইজৰ সহায়ৰ প্ৰয়োজন । যি সময়ত প্ৰধান মন্ত্ৰী আৱাস যোজনা , উজলা আঁচনি , অনাময় অভিযান , বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আদি দৰিদ্ৰ পৰিয়ালক উপকৃত কৰাৰ যিবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে । তেনেসময়তে প্ৰকৃত হিতাধিকাৰীয়ে এই আঁচনি সমূহৰ পৰা বঞ্চিত হোৱাটো সন্দেহৰ বিষয় বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ।

আনহাতে গাঁওখনৰ দুখীয়া দৰিদ্ৰ পৰিয়ালটোৰ স্থানীয় বিধায়ক ফনীধৰ তালুকদাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে । পৰিয়ালটোৰ এডোখৰ পৈত্ৰিক ভূমি থকাৰ পিছতো জীয়াই থকা নুন্যতম সুবিধা সমূহ লাভ নকৰাটো অতি পৰিতাপৰ কথা ।

এতিয়া প্ৰশ্ন হয় দৰিদ্ৰতাৰে যুঁজি থকা এই পৰিয়ালটোৰ বাবে স্থানীয় বিধায়ক ফনীধৰ তালুকদাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ? নে এনে দৰে জীৱন কটাব লাগিব দুৰ্ভগীয়া পৰিয়ালটোৱো। সেয়া সময়ত লক্ষণীয়া হ’ব ।

লগতে পঢ়ক :Guwahati drank alcohol worth Rs 22.05 crore during Durga Puja : পূজাৰ বতৰত সুৰাৰ বিক্ৰীয়ে গঢ়িছে অভিলেখ; তিনিটা দিনত মহানগৰীত ২২.৫ কোটি টকাৰ সুৰা বিক্ৰী