Local, Vocal, Global

বিশিষ্ট শিক্ষাবিদ ড° বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত গুৱাহাটী বিশ্ববিদ্যালয়ত শোক প্ৰকাশ

২৫অক্টোবৰ: সোমবাৰে পুৱা গুণমুগ্ধ সকলক কন্দুৱাই ইহ সংসাৰ ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ, লিখক, গৱেষক আৰু সংগীত শিল্পী পদ্মশ্ৰী ড° বীৰেন্দ্ৰনাথ দত্ত দেৱে।

দত্ত দেৱ ভাৰতৰ লোক- সংস্কৃতি অধ্যয়নৰ ক্ষেত্ৰখনত অন্যতম পুৰোধা ব্যক্তি আছিল। তেখেত ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগৰ মুৰব্বী অধ্যাপক হিচাপেও কৰ্মৰত আছিল। এই বিভাগত কৰ্মৰত অৱস্থাত তেখেতে নিজস্ব জ্ঞান-গৰিমাৰে আগবঢ়াই থৈ যোৱা অৱদান চিৰদিনলৈ সমগ্ৰ উত্তৰ-পূব ভাৰতৰ চহকী ঐতিহ্যৰ সংৰক্ষণৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখনীয় হৈ ৰব।

তেখেতৰ মৃত্যু কেৱল শৈক্ষিক জগতৰ বাবেই নহয়,অসমীয়া লোক-সংস্কৃতি তথা সাংস্কৃতিক আৰু সাহিত্যৰ ক্ষেত্ৰখনৰ বাবেও অপূৰণীয় ক্ষতি।

তেখেতৰ মধুৰ কন্ঠেৰে নিগৰি অহা ” বহুদিন বকুলৰ গোন্ধ পোৱা নাই”, ” বগলী বগা ফোঁট দি যা”, অ ধুন ধুনীয়া মোৰ অকণমানি” আদি চিৰসেউজ গীতসমূহ আজিৰ দৰে ভৱিষ্যতেও যে সকলো প্ৰজন্মৰ মাজতে জনপ্ৰিয় হৈ থাকিব তাত কোনো দ্বিমত নাই।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে দত্ত দেৱে অসমীয়া সাহিত্যৰ জগতখন চহকী কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ ত্যাগ স্বীকাৰ কৰে। তেখেতৰ সহজ-সৰল আৰু মৰমিয়াল স্বভাৱৰ বাবে তেখেত সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ লোকৰ মাজতেই অতিকৈ প্ৰিয় আৰু আদৰ্শস্বৰূপ।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালবৰ্গইয়ো এইজনা মহান মনীষীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে উল্লেখ কৰে যে- অসমে এজন প্ৰকৃত সম্পদ হেৰুৱাইছে। ড° বীৰেন্দ্ৰনাথ দত্তৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অসমীয়াৰ মাজত চিৰদিনলৈ জ্যোতিষ্মান হৈ থাকিব।