Watch | REACTION AGAINST COPLAINT OF GIRLS HOSTEL CHAPAR: চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকৰ মাজৰ কাজিয়াত জাঙুৰ খাই উঠিল ছাত্ৰী নিবাসৰ ছাত্ৰী
চাপৰ: চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকৰ মাজৰ কাজিয়াত ছাত্ৰী নিবাস আৰু ছাত্ৰী নিবাসৰ ওৱাৰ্ডেনৰ ওপৰত উঠা অভিযোগত জাঙুৰ খাই উঠিল ওৱাৰ্ডেনৰ লগতে ছাত্ৰী নিবাসৰ ছাত্ৰী সকল। কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ কেনেকৈ এই ধৰণৰ বেয়া অভিযোগ আনিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰে।
যদি কোনো ধৰণৰ তথ্য প্ৰমাণ আছে তেন্তে সেই প্ৰমাণ সমূহ ৰাজহুৱা কৰিবলৈ দাবী জনায়।আনহাতে, ওৱাৰ্ডেনৰ ওপৰত উঠা অভিযোগ সম্পৰ্কে ওৱাৰ্ডেন গৰাকীয়ে কয় যে কলেজৰ বিভিন্ন কামৰ বাবে আৰু মেডিকেলৰ বাবে মাজে সময়ে ভৃগু কলিতাক মাতি গাড়ীৰে ছোৱালী দুগৰাকীক লৈ গৈছিল কিন্তু এই সহায়ৰ বাবে ওৱাৰ্ডেন গৰাকীৰ ওপৰত এনে বেয়া অভিযোগ অনাটো লজ্জাজনক কথা। অধ্যাপক ভৃগু কলিতাই ছাত্ৰ-ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলে কয় যে কোনো দিনে অধ্যাপক ভৃগু কলিতাই কোনো এজন ছাত্ৰ-ছাত্ৰীক বেয়া ব্যৱহাৰ কৰা নাই। এইবিলাক সকলো মিছা কথা।
লগতে ছাত্ৰ ছাত্ৰী সকলে কয় যে এই ধৰণৰ ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ বাবে আগন্তুক দিনত ছাত্ৰী নিবাসত কোনো ছাত্ৰীয়ে থাকি মহাবিদ্যালয়ত পাঠদান কৰিবলৈ ভয় খোৱাৰ লগতে মহাবিদ্যালয়ৰ সন্মান হানি হৈ যাব
আনফালে যোৱাকালি হৈ যোৱা ভৃগু কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ সম্পৰ্কে সত্য সত্যতা জানিবলৈ যোৱাত ছাত্ৰ একতা সভাৰ উপ সভাপতি গৰাকীয়ে মেগাজিন সম্পাদক আৰু প্ৰাক্তন সভাপতিক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন কৰে।