Local, Vocal, Global

ৰাজ্যত পুনৰ ৰেগিংকাণ্ড ! শিলচৰত NITত কনিষ্ঠ ছাত্ৰক প্ৰহাৰ জ্যেষ্ঠ ছাত্ৰৰ…

ডিজিটেল ডেস্ক:- পুনৰ জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণ কনিষ্ঠ ছাত্ৰক।ৰাজ্যত সংঘটিত হৈছে পুনৰ ৰেগিংকাণ্ড।এইবাৰ শিলচৰত সংঘটিত হৈছে ৰেগিংকাণ্ড।শিলচৰত NITত কনিষ্ঠ ছাত্ৰক প্ৰহাৰ জ্যেষ্ঠ ছাত্ৰৰ।শিলচৰৰ NITত কনিষ্ঠ ছাত্ৰক প্ৰহাৰৰ ঘটনাৰে জড়িত ২০জন জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা।উল্লেখ্য যে NITৰ পৰা বহিষ্কাৰ কৰা হৈছে ৫জন ছাত্ৰক। ৬জন ছাত্ৰক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰাৰ বিপৰীতে আন ৯জন ছাত্ৰলৈ সকীয়নি পত্ৰ দিছে NIT কৰ্তৃপক্ষই। উল্লেখ্য যে ৩১ মাৰ্চত শিক্ষা প্ৰতিষ্ঠানখনৰ একাংশ জ্যেষ্ঠ ছাত্ৰই দলবদ্ধ আক্ৰমণ কৰিছিল কনিষ্ঠ ছাত্ৰক। ৰড, হকী ষ্টিক, লাঠীৰে আক্ৰমণ চলাইছিল কনিষ্ঠ ছাত্ৰৰ ওপৰত। ভুক্তভোগী ছাত্ৰৰ অভিভাৱকে ১৮ ছাত্ৰৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ।