Local, Vocal, Global

পুনৰ বৃদ্ধি চাইবাৰ অপৰাধৰ ঘটনা

নিউজ ডেস্ক, ১৮ জুন : ৰাজ্যত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে cyber অপৰাধৰ ঘটনা । এইবাৰ চাইবাৰ চক্ৰৰ টাৰ্গেট মন্ত্ৰী-বিধায়ক পৰা হাইপ্ৰফাইল লোকলৈ। মহানগৰীত অত্যাধিক হাৰত বাঢ়িছে চাইবাৰ অপৰাধ ।

বিগত কেইদিনমানত অপৰাধ অনুসন্ধান শাখা চমূকৈ CIDত ৰুজু হোৱা চাইবাৰ অপৰাধৰ গোচৰে পূৰ্বৰ অভিলেখ ভংগ কৰিছে।

উল্লেখযোগ্য যে, ২০১৭ বৰ্ষত CID ৰুজু ১১৫৮ টা গোচৰ , ২০১৮ চনত ১৭৭৩ টা গোচৰ, ২০১৯ চনত ২১৬৯ টা গোচৰ, ২০২০ চনত গোচৰ ৩১৬১টা , ২০২১ বৰ্ষত ৩৬৮৭ চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছিল। কিন্তু ২০২২ বৰ্ষত এই পৰ্যন্ত ৬১০ টা গোচৰ ৰুজু হৈছে CID ত ।

২০১৯- ২০ বৰ্ষত কোভিডৰ সময় সেই সময়ত মানুহৰ চলিবলৈ ধনৰ অভাৱ ঘটিছিল কিন্ত একাংশ লোভত আছিল Easy Money ৰ শেহতীয়াকৈ Online ব্যবস্থাৰ সুযোগ লৈছিল দুষ্ট চক্ৰই একাংশ হেকাৰে চলাই গৈছে চাইবাৰ ক্ৰাইম। ঠগ প্ৰৱঞ্চনাৰে Online হেকাৰ চক্ৰই মূলত টাৰ্গেট কৰে , ধনৰ লেনদেন তথা বেংকৰ একাউণ্টৰ ধন লুট কৰাৰ বাবে বিভিন্ন পৰিকল্পনা ৰচনা কৰে যত ইতিমধ্যে প্ৰৱঞ্চনাৰ বলি হৈছে বহু লোক ।