Local, Vocal, Global

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে বৃদ্ধি কৰিলে ৰেপো ৰেট

নিউজ ডেস্ক, ৫ আগষ্ট : ভাৰতীয় ৰিজাৰ্ভ বেংকৰ repo rate ঘোষণাৰ আগতে, শুকুৰবাৰে ভাৰতীয় টকাই আমেৰিকান ডলাৰৰ বিপৰীতে ৪৬ পইচা হ্ৰাস হৈছে।

শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে ঘোষণা কৰিছে যে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ ৰখাৰ বাবে তাৎক্ষণিক প্ৰভাৱৰ সৈতে ৰেপো ৰেট ৫০ বেছিছ পইণ্ট (bps) ৫.৪০ শতাংশ বৃদ্ধি কৰিছে।

বৰ্তমান সময়লৈকে, এই বিত্তীয় বৰ্ষত ৰেপো ৰেটত কেন্দ্ৰীয় বেংকৰ দ্বাৰা এইটো তৃতীয় বৃদ্ধি।

ইয়াৰ আগতে, মে মাহত RBI.-য়ে মে মাহত ৰেপো ৰেট ৪০ BPS আৰু ৫০ BPS বৃদ্ধি কৰিছিল।

এই বছৰৰ জুনমাহত উপভোক্তা মূল্য সূচক (CPI) ৭.০১ আছিল আৰু জানুৱাৰীৰ পৰা ই কেন্দ্ৰীয় বেংকৰ ৬ শতাংশৰ সুবিধাজনক স্তৰৰ ওপৰত থাকিব।