Local, Vocal, Global

পুনৰ মহানগৰীত উদ্ধাৰ হৈছে মৃতদেহ

নিউজ ডেস্ক, ৫ আগষ্ট : শুকুৰবাৰে গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ ।

খবৰ অনুসৰি, পাঞ্জাবাৰী এলেকাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সন্মুখত অৱস্থিত এটা নিৰ্মাণাধীন ভৱনৰ ওচৰত উদ্ধাৰ হৈছিল মৃতদেহটো।

পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষী থানাৰ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে।

উল্লেখ্য যে, আৰক্ষীৰ ভাষ্য অনুসৰি মৃতব্যক্তিজন ভৱনটোৰ নিৰ্মাণ কাৰ্যকলাপৰ সৈতে জড়িত এজন শ্ৰমিক বুলি সন্দেহ কৰা হৈছে।

আনহাতে, বৰ্তমান সময়লৈকে মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে মৃত্যুৰ কাৰণো এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আৰক্ষী বিষয়াসকলে জনাইছিল যে বৰ্তমান মৃতদেহটো উদ্ধাৰ কৰি অপৰাধৰ প্ৰকৃতি আৰু মৃত্যুৰ কাৰণ প্ৰকাশ কৰিবলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।