পুনৰ গুৱাহাটী মহানগৰীত ধৰ্ষণৰ ঘটনা !ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ…

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা ।গুৱাহাটী মহানগৰীৰ চান্দমাৰীৰ কুশল নগৰত সংঘটিত হৈছিল এই জঘন্য ঘটনা।১২ বছৰীয়া কিশোৰীক ধৰ্ষণ ২৫ বছৰীয়া যুৱকৰ।কেইমাহ পূৰ্বে সংঘটিত হৈছিল এই ঘটনা।২৫ বছৰীয়া যুৱক বাবুল আহমেদ ওৰফে ৰুবুলৰ বিৰুদ্ধে উত্থাপন হৈছিল ধৰ্ষণৰ অভিযোগ। জানিব পৰা মতে ঘৰত কোনো নথকাৰ সুযোগ লৈ বাবুলে ধৰ্ষণ কৰিছিল কিশোৰী গৰাকীক আৰু তাৰ পাছতেই কিশোৰী গৰাকীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ।
তথ্য অনুসৰি অভিযুক্ত যুৱক জন মাছৰ বেপাৰ কৰি গুৱাহাটীত বসবাস কৰি আছিল। পুৱতি নিশা বৰপেটাৰ বাঘবৰ মহৰিপাম গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে চান্দমাৰী আৰক্ষীয়ে।বামুনিমাইডাম কুশলনগৰত কেইবামহো পূৰ্বে সংঘটিতও হৈছিল ধৰ্ষণ কাণ্ড। ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ পৰিয়াল থকা চৌহদতে ভাড়াতীয়া ৰূপে আছিল বাবুল।