Local, Vocal, Global

RAOD ACCIDENT AT NAZIRA: নাজিৰাৰ শিমলুগুৰিত পথ দূৰ্ঘটনা

গেলেকী:নাজিৰাৰ শিমলুগুৰিত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হয় CCTV কেমেৰাত।পথ দূৰ্ঘটনাটোত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পৰীক্ষা দিবলৈ অহা তিনিগৰাকীকৈ ছাত্ৰ গুৰুত্বৰ ভাৱে আহত হয়৷ দুখন স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই পথ দূৰ্ঘটনাটো সংঘটিত হয়।পথ দূৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত তিনি ছাত্ৰ ক্ৰমে অংশুমান বৰুৱা,মঞ্জিত ঘোচ আৰু অজয় দীপ দে৷শিমলুগুৰিৰ চুকাফা জুনিয়ৰ কলেজৰ ছাত্ৰ আছিল অংশুমান বৰুৱা,মঞ্জিত ঘোচ,অজয় দীপ দে৷ অংশুমান বৰুৱা,মঞ্জিত ঘোচ,অজয় দীপ দে আহিছিল একেখন স্কুটীতে। অন্যহাতে অন্যখন স্কুটীত অহা দুই যুৱক ক্ৰমে বিতুপন চেতিয়া আৰু মৃণাল ঘোচ গুৰুত্বৰ বাবে আহত ।