Local, Vocal, Global

ৰাজ্যিক সভাপতি শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই ভিডিঅ’ কনফাৰেন্স যোগে বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়কসকলক আদৰণি

ভিডিঅ’ কনফাৰেন্স যোগে বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়কসকলক আদৰণি ৷

ক’ভিড মহামাৰীৰ ক্ষেত্ৰত বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ ভূমিকা সন্দৰ্ভত আলোচনা ৷

মাননীয় কেবিনেট মন্ত্ৰী তথা ৰাজ্যিক সভাপতি শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আজি পোনপ্ৰথমবাৰৰ বাবে ভিডিঅ’ কনফাৰেন্স যোগে ভাৰতীয় জনতা পাৰ্টিৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ এই ভিডিঅ’ কনফাৰেন্সত প্ৰথমতে বিধায়সকলক আদৰণি জনোৱাৰ লগতে ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা এই দুৰ্যোগৰ সময়ছোৱাত সেৱাই সংগঠন মন্ত্ৰৰ আধাৰত তেখেতসকলৰ ভূমিকা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে ৷ ইয়াৰোপৰি এই পৰিস্থিতিত তেখেতসকলৰ প্ৰত্যেকৰ নিজ নিজ কৰণীয় কামৰ দায়িত্ব অৰ্পণ কৰে মাননীয় মন্ত্ৰী ডাঙৰীয়াই ৷

ক’ভিড পৰিস্থিতিত সেৱা আগবঢ়াবৰ বাবে বিজেপি দলে প্ৰস্তুত কৰি উলিওৱা আঠটা বিন্দু সন্দৰ্ভত তেখেতসকলক অৱগত কৰাৰ লগতে যোৱাবাৰৰ দৰেই এইবাৰো ৰাইজক সহায়-সহযোগ কৰিবৰ বাবে প্ৰতিজন বিধায়কক আহ্বান জনায় ৷

আজিৰ এই ভিডিঅ’ কনফাৰেন্সত মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ সৈতে ৰাজ্যিক তত্বাৱধায়ক শ্ৰী বৈজয়ন্ত জয় পাণ্ডা ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী ফনীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ লগতে আন তিনিগৰাকী সাধাৰণ সম্পাদক তথা সাংসদ শ্ৰী তপন গগৈ ডাঙৰীয়া, ডাঃ ৰাজদ্বীপ ৰয় ডাঙৰীয়া আৰু শ্ৰী পল্লৱলোচন দাস ডাঙৰীয়া উপস্থিত থাকে ৷