Local, Vocal, Global

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে Ranil Wickremesingheৰ শপত গ্ৰহণ

নিউজ ডেস্ক, ১৫ জুলাই : শ্ৰীলংকাত দেখা দিয়া অৰ্থনৈতিক সংকটৰ মাজত হোৱা প্ৰতিবাদৰ সময়ত ছিংগাপুৰলৈ পলাই যোৱা গোটাবায়া ৰাজপাক্ষেৰ ঠাইত শুকুৰবাৰে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।

উল্লেখ্য যে, বিক্ৰমসিংহে (৭৩) মুখ্য ন্যায়াধীশ জয়ন্ত জয়সূৰ্যৰ আগত শপত গ্ৰহণ কৰিছিল।

যিহেতু ব্যাপকভাৱে প্ৰতিবাদ হোৱাৰ পিছত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী নেতাজনে দ্বীপটোৰ পৰা পলায়ন কৰিছিল। আৰু শুক্ৰবাৰে ৰাজপাক্ষে ৰাতিপুৱা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে।